ক’ৰবালৈ বাহিৰত ওলাই যোৱাৰ বাবেই বা আন কোনো প্ৰয়োজনত আমি সকলোৱে পাবলিক টয়লেট ব্যৱহাৰ কৰি পাইছোঁ৷ কিয়নো বাহিৰলৈ ওলাই গ’লে ইয়ালৈ যোৱাৰ গত্যন্তৰ নাথাকে৷ বিশেষকৈ বহু সময়ত মহিলাসকলৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয় হৈ পৰে এই পাবলিক টয়লেট৷ এনে পৰিস্থিতিত পাবলিক টয়লেট ব্যৱহাৰৰ আগতে যথেষ্ট সতৰ্ক হোৱাৰ প্ৰয়োজন৷ বিশেষকৈ নিৰাপত্তাৰ দিশটোলৈ লক্ষ্য ৰাখি তাৰ পাছতহে ইয়াক ব্যৱহাৰ কৰা ভাল৷ সেয়ে পাবলিক টয়লেটলৈ যোৱাৰ আগতে কিছুমান কথালৈ ধ্যান দিয়া অৱশ্যেই প্ৰয়োজন৷ আপুনিও পাবলিক টয়লেটলৈ যোৱাৰ সময়ত বিশেষকৈ মোবাইল ফোনটো লগতে নিয়ে৷ সেয়ে ইয়াৰ বাবে কিছু কৰণীয় আছে৷ নহ’লে সৰ্বনাশ হ’ব পাৰে৷ আমি সকলোৱে জানো যে পাবলিক টয়লেটত সকলো শ্ৰেণীৰ লোকেই প্ৰৱেশ কৰিব পাৰে৷ যিকোনো লোকৰ বাবে খোলা থাকে এই টয়লেট৷ দুষ্ট প্ৰকৃতিৰ লোকেই ইয়াত লুকাই ৰাখিব পাৰে গোপন কেমেৰা৷ গোপনে ৰখা এই মাইক্ৰ কেমেৰাৰ জৰিয়তে আপোনাৰ ছবি সংগ্ৰহ কৰি বেকমেইল কৰিব পাৰে৷ কোনো দুষ্টচক্ৰই ইয়াৰ বেৰৰ চুক আদিত কেমেৰা সংযুক্ত কৰি গোপনে ছবি সংগ্ৰহেৰে ব্লেকমেইলিং কৰি টকা ঘটাৰো এটা উদ্দেশ্য কৰি ল’ব পাৰে৷ সেয়ে ইয়াত প্ৰৱেশ কৰাৰ আগতে বাথৰূমৰ কোণ, দেৱালৰ ছাদ আদি ভালদৰে পৰীক্ষা কৰি লৈ আপোনাৰ নিত্যকৰ্ম সম্পাদন কৰা উচিত৷ টয়লেট পেপাৰ হল্ডাৰ. চাবোন ডিছপেনচাৰ তথা এয়াৰ ফ্ৰেছনাৰ আদিবোৰ সঠিকভাৱে নিৰীক্ষণ কৰা ভাল৷ সৰু গাঁত বা ফাক আদি পৰীক্ষা কৰক৷ এয়াৰ ভেণ্টো ভালদৰে চাই লওক৷ কিয়নো এইবোৰ ঠাইতে গোপনে কেমেৰা স্থাপন কৰাৰ সম্ভাৱনা বেছি৷ ইয়াৰ পাছতহে আপুনি টয়লেট ব্যৱহাৰ কৰক৷