জীৱ থকা গ্ৰহৰ সন্ধান কৰি থকা জ্যোতিৰ্বিদসকলে এটা নতুন গ্ৰহ আৱিষ্কাৰ কৰিছে, য’ত পানী আছে বুলি অনুমান কৰা হৈছে৷ বিজ্ঞান বাৰ্তালোচনী নাছাৰ শেহতীয়া সংস্কৰণত প্ৰকাশ পোৱা এখন প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি এই গ্ৰহটো আমাৰ পৃথিৱীৰ পৰা প্ৰায় ৯০ আলোকবৰ্ষ দূৰৈত আছে৷ গ্ৰহটোত অসংখ্য সক্ৰিয় জ্বালামুখী আছে৷ ইয়াৰ লগতে এটা অংশত পানী থকা বুলি বিজ্ঞানীসকলে অনুমান কৰিছে৷ এই নতুন গ্ৰহটোৰ নাম দিয়া হৈছে এল পি ৭৯১-১৮ ডি৷ পৃথিৱীৰ পৰা ৯০ আলোকবৰ্ষ দূৰৈৰ এখন তাৰকাৰাজ্যত থকা এই গ্ৰহটোৱে এটা ৰঙা বামণ গ্ৰহক পৰিভ্ৰমণ কৰি আছে৷ মন কৰিবলগীয়া কথাটো হ’ল গ্ৰহটোৰ এটা অংশত সদায় পোহৰ দেখা পোৱা যায় আৰু আনটো অংশ আন্ধাৰ হৈ থাকে৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ জেট প্ৰপালছন লেবৰেটৰীৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি গ্ৰহটোৰ উজ্জ্বল অংশটোত পানী থকাৰ সম্ভাৱনা নাই৷ তেওঁলোকৰ মতে, সমগ্ৰ গ্ৰহটোতে জ্বালামুখীৰ উদগিৰণ হৈ আছে৷ কিন্তু আন্ধাৰ অংশটোত পানী থকাৰ সম্ভাৱনা আছে৷ বিজ্ঞানীসকলৰ মতে এল পি ৭৯১-১৮ নামৰ এখন সৌৰজগত আছে৷ ইয়াত এল পি ৭৯১-১৮ বি আৰু এল পি ৭৯১-১৯ চি নামৰ আন দুটা গ্ৰহো আছে৷ এল পি ৭৯১-১৯ চি নামৰ গ্ৰহটো পৃথিৱীতকৈ আঢ়ৈ গুণ ডাঙৰ ৷ ই এল পি ৭৯১-১৮ ডিৰ কক্ষপথক প্ৰভাৱিত কৰে, যাৰ ফলত গ্ৰহটোত জ্বালামুখীৰ উদগিৰণ হৈ থাকে৷ কিন্তু গ্ৰহটোত জীৱ থকাৰ সম্ভাৱনা কিমান সেইটো এতিয়ালৈকে জানিব পৰা হোৱা নাই৷