গৰম দিনকেইটাত সন্ধিয়া গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বাৰাণ্ডা বা চোতালত কিছুমানে বহে যদিও অত্যধিক মহ পৰাৰ বাবে সাংঘাতিক অস্বস্তিবোধ কৰে৷ শেষত সেই ঠাই এৰি উঠি যাবলগীয়া হয়, মহৰ উৎপাতত৷ একেদৰে ঘৰৰ ভিতৰতো মহৰ উপদ্ৰৱৰ ফলত এঠাইত শান্তিৰে থাকিব নোৱৰা হয়৷ ইয়াৰ প্ৰতিৰোধৰ বাবে বজাৰৰ পৰা বিভিন্ন কোম্পেনীৰ মহ খেদা ধূপ ,কইল আদি ব্যৱহাৰ কৰিলে পাছলৈ পপনৰ মহৰ তাণ্ডৱ আৰম্ভ হয়৷ ইয়াৰ লগতে বহুসময় এইবোৰ জ্বলি থকাৰ ফলত ইয়াৰ থকা ৰাসায়নিক পদাৰ্থই মানুহ শৰীৰৰ অনিষ্ট সাধনো কৰে৷ সেয়ে ঘৰতে প্ৰস্তুত কৰা সহজে পোৱা মহ খেদাৰ যতন সম্পৰ্কে জানো আহক৷ আমি পাকঘৰত সদায় মজুত থকা পাতিনেমুৰ সহায়ত মহক খেদাৰ দিহা কৰিব পাৰোঁ৷ এই পদ্ধতি ব্যৱহাৰ কৰিলে কোনোধৰণৰ শাৰীৰিক অসুবিধাও নহয়৷ প্ৰথমে বজাৰৰ পৰা বেছ কেইটামান পকা পাতিনেমু আনক৷ তাৰ পাছত কেইটামান লং, সৰিয়হৰ তেল, চুলা অকণমান আৰু কৰ্পূৰ সংগ্ৰহ কৰক৷ নেমুটো ভালদৰে ধুই মাজডোখৰত দুফাল কৰক৷ ইয়াৰ পাছত নেমুৰ ভিতৰত থকা কিছু সাহ চামুচেৰে বাহিৰ কৰি দিব৷ লক্ষ্য কৰিব এনে কৰিলে যাতে নেমুটো ফাটি নষ্ট হৈ নাযায়৷ তাৰ পাছত এই নেমুৰ ভিতৰৰ অংশখিনিত অলপ সৰিয়হৰ তেল চামু্চেৰে ঢালি দিব৷ ইয়াৰ লগতে কৰ্পূৰ আৰু লং দুটামানো দিব পাৰে৷ ইয়াৰ পাছত তুলা বা কপাহৰ শলিতা বনাই তেলখিনি তিয়াই চাকিৰ লেখীয়া জ্বলাই দিব৷ এই শিখা জ্বলি উঠাৰ অলপ পাছতে দেখিব মহে পলাই-পত্ৰং দিছে৷ আপুনি এটাও মহ বিচাৰি নাপাব৷