পাকস্থলীৰ কেঞ্চাৰৰ লক্ষণ কি কি : জানক বিস্তাৰিতভাৱে

0
1

পেটৰ সমস্যা, গেষ্টি˜ক আৰু এচিডিটিৰ সমস্যাত দীৰ্ঘদিন ধৰি ভুগি আছে যদি তেনে ব্যক্তিসকলে সতৰ্ক হোৱা উচিত৷ কাৰণ পেটৰ এনেধৰণৰ দীৰ্ঘকালীন জটিলতাৰ সমস্যাৰ কাৰণ হ’ব পাৰে পাকস্থলীৰ কেঞ্চাৰৰ৷ পাকস্থলীৰ কেঞ্চাৰক গেষ্টি˜কৰ কেঞ্চাৰ বোলা হয়৷ যি ৰোগৰ প্ৰথম স্থল হৈছে পাকস্থলী৷ পৰৱৰ্তী সময়ত এই ৰোগ শৰীৰৰ আন আন অংশলৈও বিস্তাৰিত হৈ বিপদৰ অন্যতম কাৰণ হ’ব পাৰে৷ প্ৰাথমিক অৱস্থাতে ধৰা পৰিলে অন্ততঃ দ্ৰুতভাৱে সুস্থ হোৱাৰ আশা কৰিব পাৰি৷ সেয়ে সৰ্বসাধাৰণভাৱে পাকস্থলীৰ কেঞ্চাৰৰ কিছু আগতীয়া লক্ষণবোৰ জানি থোৱা ভাল৷ পাকস্থলীৰ কেঞ্চাৰৰ প্ৰসংগত আমেৰিকান কেঞ্চাৰ ছ’চাইটিৰ এক প্ৰতিবেদনত পাকস্থলীৰ কেঞ্চাৰৰ কিছুমান সাধাৰণ লক্ষণৰ কথা কোৱা হৈছে৷ তাৰ ভিতৰত খাদ্য খোৱাৰ অসুবিধা পোৱা, প্ৰায়ে পেটৰ বিষ হৈ থকা, খাদ্য খোৱাৰ পাছত পেট ফুলি উঠা, কম পৰিমাণৰ খাদ্য খালেই পেটভৰ্তি যেন অনুমান হোৱা, বুকু জ্বলা পোৰা কৰা, খাদ্য হজম নোহোৱা, বমি বমি ভাৱ হৈ থকা, শৰীৰৰ ওজন দ্ৰুতভাৱে কমি যোৱা, ভাগৰ বা ক্লান্তি অনুভৱ হৈ থকা, পায়খানাৰ ৰং ক’লা হোৱা আদি৷ আনহাতে সঘনাই এচিডিটিৰ সমস্যা হ’লে এচিড খাদ্যনলীলৈ উঠি আহে৷ এই ক্ষেত্ৰত জিইআৰডি ৰোগ থকাৰ সমস্যাৰ আশংকা বাঢ়ে৷ বেছি পৰিমাণে নিমখ বা পোৰা খাদ্য খোৱাৰ অভ্যাস, খাদ্য তালিকাত কেঁচা শাক-পাচলি কম পৰিমাণে থকা, হেলিকোবেকটৰ পায়োলৰি জীৱাণুৰ সংক্ৰমণ, অত্যধিক ধূমপান অথবা পৰিয়ালত এই ৰোগৰ ইতিহাস আছে আদি কাৰকৰ বাবে এই ৰোগ হোৱাৰ সম্ভাৱনা বেছি থাকে৷ এই ৰোগৰ সম্ভাৱনা কমাবলৈ বা প্ৰতিৰোধ কৰিবলৈ অত্যধিক পৰিমাণে সেউজীয়া শাক-পাচলি খোৱৰ অভ্যাস কৰক৷ বিভিন্ন ৰঙৰ পাচলি বা ফল খোৱা অভ্যাসে সুস্থতাৰ নি(য়তা প্ৰদান কৰে৷ বাহিৰত খোৱাৰ অভ্যাস বা ফাষ্টফুড এৰাই চলক৷ ধূমপান একেবাৰে বাদ দিয়াৰ প্ৰয়োজন৷ আনহাতে ৰোগ দেখাৰ দিয়াৰ লগে লগে তৎকালে চিকিৎসাৰ ব্যৱস্থা কৰিলে আৰোগ্য হোৱাৰ সম্ভাৱনা থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here