বয়সৰ লগে লগে ছালৰ ওপৰত বিভিন্ন ধৰণৰ ক’লা দাগ, পিম্পল্ছ, ব্লেকহেডছ আদি বাঢ়ি গৈ থাকে৷ অকল মুখতে নহয়– গল, হাত, ভৰি আনকি পেটতো এনেধৰণৰ দাগ হোৱা দেখা যায়৷ যিয়ে ছালখনক দেখিবলৈ বেয়া কৰে৷ এনে সমস্যাই দেখা দিলে সময় নষ্ট নকৰি চৰ্মৰোগ বিশেষজ্ঞৰ ওচৰ চপা উচিত৷
ইয়াৰ উপৰি আপুনি জানি আচৰিত হ’ব যে ক’লা দাগ আঁতৰ কৰাত পাউডাৰ গাখীৰ বিশেষভাৱে কাৰ্যকৰী৷ তাজা গাখীৰৰ দৰে পাউডাৰ গাখীৰতো সমপৰিমাণে ভিটামিন-A, ভিটামিন-D, ভিটামিন-E আৰু ভিটামিন-K পোৱা যায়৷ পাউডাৰ গাখীৰত লেক্টিক এচিড থাকে, যিয়ে ছাল উজ্জ্বল আৰু মসৃণ কৰাত সহায় কৰে৷ লগতে ছাল হাইড্ৰেট কৰাত, ছাল চাফা কৰাত, ব্লেকহেডছ, হোৱাইটহেডছ আদি নিৰাময় কৰাতো ই উপযোগী৷
(১) পাউডাৰ গাখীৰেৰে ক’লা দাগ আঁতৰ কৰিবলৈ আপোনাক লাগিব কাঠবাদাম, পাউডাৰ গাখীৰ আৰু নেমুৰ ৰস৷ প্ৰথমে কাঠবাদামখিনি ভালকৈ গুৰি কৰি লওক৷ ইয়াৰ পাছত এটা পাত্ৰত দুচামুচ পাউডাৰ গাখীৰৰ লগত নেমুৰ ৰস মিশ্ৰণ কৰি গুৰি কৰি থোৱা বাদামখিনিও মিশ্ৰণটোৰ লগত মিহলি কৰি দিয়ক৷ গোটেইকেইবিধ সামগ্ৰীৰে ভালকৈ পেষ্ট বনাই ছালৰ য’ত য’ত ক’লা দাগ আছে তাত স্ক্ৰাব কৰক৷ কমেও আধা ঘণ্টা সময় স্ক্ৰাব কৰি মুখখন পৰিষ্কাৰ পানীৰে ধুই দিলে সুফল লাভ কৰিব পাৰিব৷
(২) ছালৰ ৰং বগা কৰিবলৈও পাউডাৰ গাখীৰ ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ বাবে আপোনাক লাগিব দুচামুচ কমলাৰ ৰস, এচামুচ ওটমিল আৰু এচামুচ পাউডাৰ গাখীৰ৷ গোটেইকেইবিধ সামগ্ৰী একেলগে মিশ্ৰণ কৰি ২০ মিনিটমান মুখত লগাই শুকোৱাৰ পাছত ঠাণ্ডা পানীৰে ধুই দিয়ক৷ এনেদৰে এসপ্তাহ কৰিলে ইয়াৰ পাৰ্থক্য আপুনি নিজেই অনুমান কৰিব পাৰিব৷