পাইলছৰ পৰা চিৰদিন মুক্তি পাবলৈ এইবোৰ খাওক

0
2

কম-বেছি পৰিমাণে মছলাযুক্ত খাদ্য, তেলৰ ডুবাই ভজা খাদ্য, স্পাইচি খাদ্য খোৱাৰ ফলত জিভাৰ জুতি লাগে ঠিকেই, পিছে এইধৰণৰ খাদ্য আমাৰ শৰীৰৰ বাবে কিমান বিপজ্জনক হ’ব পাৰে, সেই কথা জনাটো ভাল৷ দিনৰ পৰা দিন ধৰি এইধৰণৰ খাদ্য খোৱাৰ ফলত শৰীৰত পাইলছৰ দৰে মাৰাত্নক ৰোগৰ সৃষ্টি হ’ব পাৰে৷ বৰ্তমান সময়ত পাইলছৰ ভোগা লোকৰ সংখ্যা দ্ৰুতগতিত বাঢ়িছে৷ বিশেষকৈ যুৰ প্ৰজন্মৰ মাজত এই ৰোগে বেয়াকৈ প্ৰাদুৰ্ভাৱ ঘটাইছে৷ সমীক্ষাত প্ৰকাশ পোৱা মতে ভাৰতৰ ৭৫ শতাংশ লোক পাইলছৰ আক্ৰান্ত৷ পাইলছৰ প্ৰধান উপসৰ্গ হ’ল মলত্যাগৰ সময়ত তেজ যোৱা৷ সমস্যাটো বাঢ়িলে মলত্যাগৰ সময়ত অসহ্যকৰ বিষ, যন্ত্ৰণা অনুভৱ হোৱা৷ এই ৰোগৰ নিয়ন্ত্ৰণৰ একমাত্ৰ উপায় হ’ল খোৱা-বোৱাৰ ক্ষেত্ৰত যথেষ্ট সতৰ্কতা অৱলন্বন কৰা৷ পাইলছত ভোগাসকলে খাদ্য তালিকাত কি কি খাদ্য অন্তৰ্ভুক্ত কৰিব সেয়া জানো আহক৷
সেউজীয়া শাক-পাচলিত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট আৰু ফাইবাৰ পোৱা যায়৷ ফাইবাৰে হজমৰ সমস্যা উন্নত কৰে, কোষ্ঠকাঠিন্য দূৰ কৰে৷ পালেং শাক, মেথি শাক, মূলা শাক, সৰিয়হ শাক আদি অত্যন্ত উপকাৰী৷
গোটা শস্য যেনে– ব্ৰাউন ৰাইচ, ওটমিল, মাল্টিগ্ৰেন পাউৰুটী, আদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক৷ এইধৰণৰ খাদ্যই প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে, যিয়ে কোষ্ঠকাঠিন্য ৰোধ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here