পাঁচ বছৰ একো নাখায়ো বাচি থকা পৃথিৱীৰ একমাত্ৰ প্ৰাণী

0
47

সমুদ্ৰ মানেই যেন ৰহস্য৷ গভীৰ সমুদ্ৰৰ ক’লা অন্ধকাৰত কি কি প্ৰাণী বাস কৰে তাৰ বিস্তাৰিত তথ্য বিজ্ঞানীৰ অজানা হৈয়ে আছে৷ আনহাতে গভীৰ সমুদ্ৰত এনে বহুতো প্ৰাণী আছে, যাৰ নাম কেতিয়াও শুনিবলৈ নাপায়৷ এইবোৰ প্ৰাণী দেখাত যিদৰে অদ্ভুত, সিমানেই ইয়াৰ বৈশিষ্ট্যও ভিন্ন৷ সকলোতকৈ অবাক কৰা বিষয় হ’ল এইবিধ প্ৰাণীয়ে কম তাপমাত্ৰাতো বাচি থাকিব পাৰে৷ এদল গৱেষকে গভীৰ সমুদ্ৰৰ তললৈ গৈ এক আশ্চৰ্য প্ৰাণী চিনাক্ত কৰিছে, যাৰ বিষয়ে ইমান বছৰে অজানা আছিল৷ এইবিধ আশ্চৰ্যকৰ প্ৰাণীৰ নাম হাৰ্প স্পঞ্জ৷ ইয়াক দেখিলে মনত এনে ভাব হয় যে ই কোনো সামুদ্ৰিক উদ্ভিদ বা প্ৰবালৰ লেখীয়া৷ কিন্তু বিজ্ঞানীৰ বিভিন্ন পৰীক্ষাৰ মাধ্যমেৰে জানবি পাৰিছে যে এইবিধ আচলতে এবিধ সামুদ্ৰিক প্ৰাণীহে৷ হাৰ্প স্পঞ্জ নামৰ প্ৰাণীবিধে সমুদ্ৰৰ ১০ হাজাৰ ফুটৰ পৰা ১১ হাজাৰ ফুট গভীৰতাত বাস কৰে৷ এই প্ৰাণীবিধে ইয়াতকৈ বহু ডাঙৰ তথা শক্তিশালী প্ৰাণী চিকাৰ কৰি খাদ্য হিচাপে গ্ৰহণ কৰে৷ এই প্ৰাণীবিধৰ আন এটা বৈশিষ্ট্য জানিলে হয়তো আচৰিত হ’ব, কিয়নো গছৰ ডালৰ দৰে দেখাত এই প্ৰাণীবিধে একেলেথাৰিয়ে পাঁচ বছৰ একো নোখোৱাকৈয়ে জীয়াই থাকিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here