প’ষ্ট কভিডৰ জটিলতাই ৰাজ্যত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ কভিড নিগেটিভ হোৱাৰ পাছতো প’ষ্ট কভিডৰ জটিলতাৰ বাবেই ৰাজ্যখনত মৃতকৰ সংখ্যা নিতৌ বৃদ্ধি পাবলৈ ধৰিছে৷ আনকি গুৱাহাটী মহানগৰীৰ প্ৰায়বোৰ ব্যক্তিগত চিকিৎসালয়েই এতিয়া প’ষ্ট কভিডৰ জটিলতাত ভোগা ৰোগীৰে ভৰি পৰিছে৷ বিশেষকৈ, বয়োজ্যেষ্ঠ লোকসকল প’ষ্ট কভিডৰ জটিলতাত ভোগা পৰিলক্ষিত হৈছে৷ যিসকল লোক পূৰ্বৰে পৰাই মধুমেহ বা হাঁওফাঁওৰ কোনো ৰোগত আক্ৰান্ত হৈ আছে, উক্ত লোকসকল যদি কভিডত আক্ৰান্ত হয়, তেনেহ’লে কভিড নিগেটিভ হোৱাৰ পাছতো তেওঁলোক সহজতে সুস্থ হৈ নুঠে৷ ইতিমধ্যে ৰাজ্যৰ প্ৰথিতযশা সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞি, বিশিষ্ট সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ পৰা আৰম্ভ কৰি বিশিষ্ট ক্ৰীড়াবিদ মুজাহিদ আহমেদ শইকীয়ালৈকে প্ৰায়সংখ্যক লোকেই প’ষ্ট কভিডৰ জটিলতাৰ বাবেই প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷ প’ষ্ট কভিডে সৃষ্টি কৰা পৰিস্থিতিৰ সন্দৰ্ভত মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ অধীক্ষক ডাঃ অনুপল কুমাৰ শৰ্মাই প্ৰকাশ কৰা মতে, কৰ’নাৰ দ্বিতীয়টো ঢৌত আক্ৰান্ত লোকসকল সাধাৰণতে অক্সিজেনৰ সমস্যাত ভোগে৷ এনে পৰিস্থিতিত কভিড নিগেটিভ হোৱাৰ পাছতো বহু লোকৰ দেহত অক্সিজেনৰ মাত্ৰা সহজতে স্বাভাৱিক অৱস্থালৈ ঘূৰি নাহে৷ আনকি হাস্পতালৰ পৰা ঘৰলৈ যোৱাৰ পাছতো বহুসংখ্যক লোকৰ অক্সিজেনৰ মাত্ৰা হঠাতে হ্ৰাস পোৱাৰ দৰে ঘটনা সংঘটিত হৈছে৷ আনহাতে কভিডত আক্ৰান্ত হৈ অধিক দিন আই চি ইউত থাকিবলগীয়া হ’লে বা আন ৰোগত আক্ৰান্ত হৈ থাকিলেও তেনে লোকসকল প’ষ্ট কভিডৰ জটিলতাৰ সন্মুখীন হ ব পাৰে৷ ডাঃ শৰ্মাৰ মতে, কভিডত আক্ৰান্ত হোৱাৰ পাছত পলমকৈ চিকিৎসালয়লৈ আহি আই চি ইউ বা ছেমি আই চি ইউত ভৰ্তি হোৱা বহু লোকৰ মগজুকে ধৰি হাঁওফাঁও আদি শৰীৰৰ বিভিন্ন অংগৰ ক্ষতি হ’ব পাৰে৷ যাৰ বাবে পাছত কভিড নিগেটিভ হ’লেও তেওঁলোক আন আন ৰোগত আক্ৰান্ত হয়৷ ডাঃ শৰ্মাই লগতে কয় যে যিসকল লোক কভিড নিগেটিভ হোৱাৰ পাছত ঘৰলৈ ঘূৰি গৈ কাহ,পেটৰ অসুখ বা শৰীৰত অক্সিজেনৰ মাত্ৰা কমি যোৱা আদিৰ দৰে সমস্যাত ভোগে, তেওঁলোক তৎক্ষণাৎ চিকিৎসালয়ত ভৰ্তি হোৱা উচিত৷ মন কৰিবলগীয়া কথা যে ৰাজ্যত ক্ৰমাৎ কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ্ৰাস পাইছে যদিও কৰ’নাত আক্ৰান্ত হৈ নিগেটিভ হোৱা লোকসকল আন আন ৰোগত আক্ৰান্ত হোৱা ঘটনাই সকলোকে উদ্বিগ্ন কৰি তুলিছে৷ ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে কভিড নিগেটিভ হ’লেও কোনো ৰোগী বিপদমুক্ত নহ’বও পাৰে৷ কভিডৰ পৰা সুস্থ হ’লেও তেওঁ ভুগিব পাৰে আন আন ৰোগত৷ আনহাতে দেখা গৈছে যে কভিড নিগেটিভ হোৱাৰ পাছত মৃত্যু হোৱা লোকসকল কৰ’নাত মৃত্যু হোৱা বুলি গণ্য কৰা নহয়৷ যাৰ ফলত এতিয়া প’ষ্ট কভিডত কিমানসংখ্যক লোকৰ মৃত্যু হৈছে, তাৰো কোনো নিৰ্দিষ্ট তথ্য পাবলৈ নাই৷ কিন্তু যি গতিত কভিডত আক্ৰান্ত হৈ নিগেটিভ হোৱা লোকে পৰৱৰ্তী সময়ত চিকিৎসালয়সমূহত ভৰ্তি হ’বলৈ ধৰিছে, তাৰ পৰাই স্পষ্ট হৈ পৰিছে যে প’ষ্ট কভিডৰ জটিলতাই ৰাজ্যত কিমান ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷