পনীৰ খাবলৈ সকলোৱে কম-বেছি পৰিমাণে ভাল পায়৷ বিশেষকৈ নিৰামিষভোজীসকলৰ প্ৰিয় খাদ্য হ’ল পনীৰ৷ পনীৰক প্ৰ’টিনৰ সকলোতকৈ ভাল উৎস হিচাপে গণ্য কৰা হয়৷ যাৰ কাৰণে বহুতেই খাদ্য তালিকাত পনীৰ ৰাখিবলৈ পচন্দ কৰে৷ বৰ্তমান বজাৰত সকলো সামগ্ৰীৰে ভেজালকৰণ বৃদ্ধি পাইছে৷ আচল বা বিশুদ্ধ খাদ্য সামগ্ৰী নোহোৱাৰ দৰেই হৈছে৷ কিয়নো বিক্ৰেতাই বজাৰত ভেজালকে বিশুদ্ধ বুলি বিক্ৰী কৰে, যাক আচল নে ভেজাল আপুনি ধৰিবই নোৱাৰিব৷ এইসমূহৰ ভিতৰত পনীৰো আছে৷ সেয়েহে বজাৰৰ পৰা কিনি অনা পনীৰ বিশুদ্ধ নে ভেজাল তাক চিনাক্ত কৰিবলৈ লওক এই পদ্ধতি৷
পনীৰ বিশুদ্ধ নে ভেজাল তাক পৰীক্ষা কৰাৰ কাৰণে ছয়াবিনৰ প্ৰয়োজন হ’ব৷ ইয়াৰ কাৰণে এটা পাত্ৰত অলপ সময় পানী গৰম কৰি তাত এটুকুৰা পনীৰ পেলাই দিয়ক৷ পানীখিনি ঠাণ্ডা হোৱাৰ পাছত সেই পানীত ছয়াবিন গুৰি কৰি মিহলাই দিব৷ যদি পানীখিনিৰ ৰং ৰঙা হৈ গ’লে বুজিব যে পনীৰখিনি বিশুদ্ধ নহয়৷ এই পনীৰখিনিত ইউৰিয়া মিহলোৱা হৈছে৷ আনহাতে আপুনি পনীৰ ভেজাল নে বিশুদ্ধ জানিবলৈ ৰাবিং টেষ্ট কৰি চাব পাৰে৷ ইয়াৰ বাবে আপুনি হাতৰ আঙুলিৰে পনীৰত হেঁচা দিয়ক৷ যদি পনীৰখিনি ভেজাল হয়, তেন্তে চাপ প্ৰয়োগ কৰাৰ লগে লগে আঙুলিটো ছিটিকি যোৱাৰ দৰে ওপৰলৈ উঠাই দিব৷ কাৰণ ইয়াত স্কিমড মিল্ক পাউডাৰ ব্যৱহাৰ কৰা হৈছে৷ আনহাতে পনীৰ টুকুৰা বিশুদ্ধ হ’লে একোৱেই নহয়৷ ইয়াৰ লগতে পনীৰ বিশুদ্ধ নে ভেজাল কৰা হৈছে তাক জানিবলৈ আয়ডিন টিংচাৰৰ সহায় ল’ব পাৰে৷ ইয়াৰ বাবে এটা পাত্ৰত অলপ পানী লৈ তাত পনীৰ দি উতলাই লওক৷ গৰম পানীখিনি ঠাণ্ডা হোৱাৰ পাছত তাত অলপমান আয়ডিন টিংচাৰ মিহলাই দিব৷ পনীৰখিনি ভেজাল হ’লে পানীখিনিৰ ৰং নীলা হৈ যাব আৰু যদি পনীৰখিনি বিশুদ্ধ হয়, তেন্তে ইয়াৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয়৷ আনহাতে পনীৰ সোৱাদ লৈও ভেজাল নে বিশুদ্ধ তাক নিৰূপণ কৰিব পাৰি৷ বিশুদ্ধ পনীৰ খুব নৰম আৰু ভেজাল পনীৰৰ সোৱাদ ৰবৰৰ দৰে শক্ত হয়৷