পদিনা কিমান বেছি উপকাৰী আপুনি হয়তো নাজানে

0
2337

পদিনাৰ চাট্‌নি বেয়া পোৱা মানুহ হয়তো নায়েই৷ বিশেষকৈ, কেঁচা আমৰ লগত পদিনাৰ চাট্‌নিৰ সোৱাদেই সুকীয়া৷ ই যে অকল সোৱাদবিশিষ্ট তেনে নহয়, পদিনাৰ আছে বহুতো ঔষধি গুণ৷ ইয়াক ঠাইবিশেষে পদুনা নামেৰেও জনা যায়৷ ইয়াৰ বৈজ্ঞানিক নাম মেন্থা স্পাইকেটা ( Mentha spicata )৷ পদিনা এবিধ সুগন্ধি শাক৷ এই শাক প্ৰধানকৈ ইউৰোপ মহাদেশৰ নাতিশীতোষ্ণ অঞ্চল, এছিয়া মহাদেশৰ পশ্চিম আৰু মধ্য অঞ্চল, পূব ছাইবেৰিয়া আৰু দক্ষিণ আমেৰিকাত পোৱা যায়৷ ইয়াক ছালাড, টেঙা, চাট্‌নি, জুচ আদি বিভিন্ন প্ৰকাৰে খোৱা হয়৷ জুতিৰ লগতে ঔষধি গুণ তথা ইয়াৰ পৰা আহৰণ কৰা মূল্যৱান তেল ‘পেপাৰমিণ্ট অইল’( peppermint oil)ৰ বাবে ই বিখ্যাত৷ পদিনা এবিধ ৰুচিবৰ্ধক শাক ৷ পদিনাত থকা উদ্বায়ী জৈৱ উপাদানে ইয়াক সুগন্ধি প্ৰদান কৰে, যাৰ জৰিয়তে ই সহজতে আকৰ্ষণ কৰিব পাৰে৷ পদিনাত পোৱা পটাচিয়ামে ৰক্তচাপ নিয়মীয়া কৰি ৰখাত সহায় কৰে৷

*পদিনাত যথেষ্ট এণ্টিঅক্সিডেণ্ট থকাৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্তাই ৰাখে৷

*পেট ফুলা অথবা আভোক লগাৰ ক্ষেত্ৰত পদিনাৰ পাত, তুলসীৰ পাত, জালুক আৰু আদা পানীত মিহলাই গৰম কৰি খালে এনে সমস্যাৰ পৰা হাত সাৰিব পাৰি৷

*বিছাই ডাকিলে পদিনাৰ পাত মোহাৰি বিছা লগা স্থানত ঘহিলে বিষ উপশম হয়৷

*কলেৰা ৰোগত পদিনাৰ ৰস, মৌ আৰু নেমুৰ ৰসৰ মিশ্ৰণ খালে ই প্ৰতিষেধক হিচাপে কাম কৰে৷ আনকি টাইফয়েড, নিউম’নিয়া আদি ৰোগতো পদিনা উপযোগী৷

*পদিনাৰ পাত পুৰি সেই ছাইৰে দাঁত ঘঁহিলে দাঁত মজবুত হয়৷ চৰ্দি লাগিলে পদিনাৰ ৰস উলিয়াই নাকত দিলে চৰ্দি কমে৷

*পদিনাই তেজ পৰিষ্কাৰ কৰে আৰু ৰক্তসঞ্চালন ক্ৰিয়া মজবুত কৰে৷

*প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা, কমকৈ প্ৰস্ৰাৱ হোৱা, মূত্ৰনলীৰ সংক্ৰমণ দূৰ কৰাত পদিনাৰ চৰবত উপযোগী৷ কৃমি হ’লে ৰাতিপুৱা খালী পেটত পদিনাৰ ৰস গৰম পানীৰ লগত মিহলাই খাব লাগে৷

*পদিনা সেৱনে মহিলাৰ অনিয়মিত ঋতুস্ৰাৱৰ সমস্যা দূৰ কৰে৷

*মূৰৰ ওকণি গুচাবলৈ পদিনাৰ পাত বা শিপাসহিতে থেতেলিয়াই মূৰত লগাই এঘণ্টাৰ পাছত ধুই দিব লাগে৷ এনে কৰিলে মূৰৰ ওকণিৰ সমস্যা নাইকিয়া হয়৷

*পদিনাৰ ৰস পানীৰ সৈতে মিহলাই মজিয়াত ছটিয়ালে মহ-মাখি, পোক-পৰুৱাৰ উৎপাত কমে৷

*ছালৰ যিকোনো সংক্ৰমণ বা এলাৰ্জিৰ বাৰে পদিনা হিতকাৰী৷ পদিনাই গাৰ দুৰ্গন্ধ নাইকিয়া কৰে৷

গতিকে এনে অনেক ঔষধি গুণৰ অধিকাৰী পদিনা খোৱাটো আমাৰ বাবে খু্‌বেই প্ৰয়োজন৷ সেয়েহে আহক, এনে এবিধ ঔষধি গুণবিশিষ্ট শাক আমি নিময়িতভাৱে সেৱন কৰি শৰীৰ সুস্থ আৰু ৰোগমুক্ত কৰি ৰাখো৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here