পথ সুৰক্ষাৰ সজাগতাৰ বাবেঅসম চৰকাৰৰ বিশেষ পদক্ষেপ

0
877


অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনস্থিত নিজ সভাকক্ষৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে জিলাৰ উপায়ুক্ত আৰু জিলাৰ আৰক্ষী অধীক্ষকসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ পথ সুৰক্ষাৰ ক্ষেত্ৰত কঠোৰ স্থিতি ল’বলৈ নিৰ্দেশ দিয়ে৷ সুৰা সেৱন কৰি বাহন চলোৱা, হেলমেট পৰিধান নকৰাকৈ দুচকীয়া বাহন চলোৱা, ভুল দিশত গাড়ী চলোৱা লোকসকলৰ বিৰুদ্ধে যান-বাহন আইনৰ অধীনত কঠোৰ পদক্ষেপ গ্ৰহণ কৰি তেনে লোকৰ অনুজ্ঞা পত্ৰ বাতিলৰ দৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে গ্ৰাম্য পথৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথত পথ দুৰ্ঘটনা ৰোধৰ বাবে স্পিড বেকাৰ স্থাপন কৰাৰ লগতে উক্ত স্থানত সকলোৰে চকুত পৰাকৈ পথ চিহ্নৰ ব্যৱস্থা কৰিবলৈ ঘাইপথ প্ৰাধিকৰণক নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰী শৰ্মাই পথ সুৰক্ষাৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিশেষকৈ যুৱচামক এই ক্ষেত্ৰত অধিক সজাগ কৰিবলৈ মহাবিদ্যালয়সমূহত বাটৰ নাট অনুষ্ঠিত কৰাৰ লগতে পথ সুৰক্ষাৰ সন্দৰ্ভত সৰু সৰু ভিডিঅ’ প্ৰস্তুত কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিবলৈ পৰিবহণ বিভাগক আহ্বান জনায়৷ মুখ্যমন্ত্ৰীয়ে লগতে পথ নিৰ্মাণৰ প্ৰকল্প লোৱাৰ সময়ত পথ সুৰক্ষাৰ দিশটো সন্মুখত ৰাখি পথৰ নক্সা প্ৰস্তুত কৰা আৰু এই ক্ষেত্ৰত অভিযন্তাসকলক লৈ কৰ্মশালাৰ আয়োজন কৰাৰ পোষকতা কৰে৷ জনসাধাৰণতে যাতে পথ দুৰ্ঘটনাৰ ভয়াৱহতা অনুভৱ কৰিব পাৰে, তাৰ বাবে প্ৰতিমাহে সংবাদ মাধ্যমৰ জৰিয়তে দুৰ্ঘটনাৰ পৰিসংখ্যা দাঙি ধৰিবলৈও পৰিবহণ আৰু আৰক্ষী বিভাগক নিৰ্দেশ দিয়ে৷ উল্লেখ্য যে চলিত বৰ্ষৰ প্ৰথম পাঁচ মাহতে ৰাজ্যখনত সংঘটিত হৈছে মুঠ ৩১৯১ টা পথ দুৰ্ঘটনা৷ এই দুৰ্ঘটনাসমূহত ১৪১৫ জন লোক নিহত হোৱাৰ লগতে ২৪৬২ জন লোক আঘাতপ্ৰাপ্ত হৈছে৷ আনহাতে যোৱা পাঁচ মাহৰ ভিতৰত মে’ মাহতে ৰাজ্যখনত সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হৈছে৷ ইয়াৰ পৰিপ্ৰেক্ষিততে ৰাজ্য চৰকাৰৰ পৰা পথ সুৰক্ষাৰ ক্ষেত্ৰত অধিক সজাগ হ’বলৈ আহবান জনোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here