পটল গছৰ পাতলিভাৰ সুস্থ ৰখাৰ চাবিকাঠী

0
655


বাৰিষা কালত পাচলি পটল সকলোৰে প্ৰিয় এবিধ খাদ্য৷ মৰমৰীয়াকৈ ডোখৰ ডোখৰ কৰি কাটি পটল ভাজিখনৰ সোৱাদেই সুকীয়া হোৱাৰ লগতে দেখিবলৈও শুৱনি হয়৷ সাধাৰণতে পটল বিভিন্ন ব্যঞ্জন প্ৰস্তুত কৰি খোৱা হয় যদিও সৰহভাগে ইয়াক শুকান ভাজি কৰি খাবলৈহে পচন্দ কৰে৷ পটলে শৰীৰৰ বিভিন্ন উপকাৰ সাধন কৰে৷ আচৰিত কথাটো হ’ল যে পটলৰ লগতে ইয়াৰ পাতৰো যে যথেষ্ট উপকাৰ আছে সেই কথাটো হয়তো আমি বহুতেই নাজানো৷ ৰোগ-ব্যাধি নিৰাময়ৰ বাবে পুৰণি দিনৰ মানুহৰ ভৰসা আছিল চাৰিওফালৰ পৰিৱেশত পোৱা বিভিন্ন ডাল, লতা, শিপা আদিৰ৷ এইবোৰ ভেষজ ঔষধ হিচাপে ব্যৱহাৰ কৰি ৰোগৰ পৰা পৰিত্ৰাণ পাইছিল৷ ইয়াৰ ভিতৰতে পটলৰ পাতো আছিল অন্যতম৷ নানা ঔষধি গুণেৰে সমৃদ্ধ পটলৰ পাতে কিদৰে আমাক সহায় কৰে৷
হজম তথা পেটৰ বিভিন্ন সমস্যা নিৰাময়ৰ বাবে পটলৰ পাত খুব উপকাৰী৷
সোৱাদত তিতা লগা পটলৰ পাতে বসন্তকালীন বিভিন্ন ৰোগ, কৃমিৰ সমস্যা আদিৰ বাবে অত্যন্ত উপকাৰী৷ ঘৰুৱা বিধান হিচাপে কৃমিনাশক হিচাপে কাম কৰে পটলৰ পাতে৷
জণ্ডিচ, ছালৰ বিভিন্ন ৰোগ আদিৰ ভেষজ ঔষধ হিচাপে পটলৰ পাত উত্তম৷
ভাইৰেল ইনফ্লুৱেঞ্জাৰ পৰা ৰক্ষা পাবলৈ তথা শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে পটলৰ পাতৰ ৰস সেৱন কৰিলে সুফল পোৱা যায়৷
মনত ৰাখিব এইবিধ পাত বেছি ভাজিলে তাৰ ঔষধি গুণ নাইকিয়া হয়, গতিকে কম পৰিমাণে ভাজি বা ৰস উলিয়াই সেৱন কৰিলে শৰীৰৰ বিভিন্ন সমস্যাৰ পৰা সকাহ পাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here