পচা কণীৰ দুৰ্গন্ধময় লেখীয়া গ্ৰহ আৱিষ্কাৰ

0
89

মহাবিশ্ব সম্পৰ্কত বিজ্ঞানীয়ে প্ৰতিনিয়ত ন ন বিষয় আৱিষ্কাৰ কৰি আহিছে৷ ইয়াৰ ভিতৰতে বিজ্ঞানীৰ অভিনৱ এক আৱিষ্কাৰ হ’ল এইচডি ১৮৯৭৩৩ বি নামৰ গ্ৰহটো৷ এই গ্ৰহেটা ২০০৫ চনতে আৱিষ্কাৰ কৰিছিল যদিও ইয়াৰ বিষয়ে বিশেষ একো তথা লাভ কৰা নাছিল৷ শেহতীয়াকৈ বিজ্ঞানীয়ে এই গ্ৰহটো সন্দৰ্ভত কিছু নতুন তথ্য আৱিষ্কাৰ কৰিছে৷ যুক্তৰাষ্ট˜ৰ জনছ হপকিন্স ইউনিভাৰছিটিৰ গৱেষকসকলে জানিবলৈ দিয়া মতে বৃহস্পতিৰ দৰে দেখাত এই গ্ৰহটোৰ পৰা পচা কণীৰ দৰে দুৰ্গন্ধ পোৱা গৈছে৷ মাৰ্কিন সংবাদ সংস্থা এবিচিৰ প্ৰতিবেদনত কোৱা হৈছে যে গ্ৰহটোত হাইড্ৰজেন ছালফাইডৰ অস্তিত্ব পাইছে বিজ্ঞানীয়ে৷ উল্লেখ্য যে হাইড্ৰজেন ছালফাইটৰ গোন্ধ পচা কণীৰ দৰে৷ গৱেষণাৰ দেখা গৈছে যে বুধ গ্ৰহৰ মধ্যমৰ দূৰত্বৰ তুলনাত এই গ্ৰহটো নিজৰ কেন্দ্ৰীয় অংশৰ পৰা প্ৰায় ১৩ গুণ ওচৰত৷ লগতে কক্ষপথ প্ৰদক্ষিণৰ ক্ষেত্ৰত ইয়াক মাত্ৰ পৃথিৱীৰ দুদিন সমান সময় লয়৷ গ্ৰহটোৰ তাপমাত্ৰা প্ৰায় ৯২৭ ডিগ্ৰী ছেলচিয়াছ৷ ইয়াত প্ৰতি ঘণ্টাত আঠ হাজাৰ ৪৮ কিলোমিটাৰ বেগত বৃষ্টিপাত আৰু বায়ু প্ৰবাহিত হয়৷ গ্ৰহটোৰ এই দুৰ্গন্ধৰ উপৰি কিছুমান নতুন তথ্যও সদৰী কৰে৷ গ্ৰহৰ গঠন প্ৰক্ৰিয়াত বিল্ডিং ব্লক হিচাপে কাম কৰা ছালফাপ কিদৰে সৌৰজগতৰ বাহিৰৰ বিভিন্ন গ্ৰহৰ বায়ুমণ্ডলৰ প্ৰভাৱ পেলায়, তাৰো তথা লাভ কৰিছে বিজ্ঞানীয়ে৷ বিজ্ঞানী জনোৱা মতে এই গ্ৰহটোত প্ৰাণীৰ অস্তিত্ব নাই৷ কাৰণ ইয়াৰ তাপমান অত্যধিক৷ গ্ৰহটোৰ অৱস্থান পৃথিৱীৰ পৰা মাত্ৰ ৬৪ আলোকবৰ্ষ দূৰত্বত হোৱা বাবে জ্যোতিৰ্বিজ্ঞানীয়ে ইয়াৰ আৰু অধিক তথ্য লাভ কৰিবলৈ সক্ষম হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here