নৱজাতকৰ খাদ্যত চেনি-নিমখ দিয়াটো কিয় অনুচিত?

0
1450

আপোনাৰ নিশ্চয় অভিজ্ঞতা আছে যে এগৰাকী মাতৃ হিচাপে আপোনাক প্ৰায়ে শিশু-চিকিৎসক বা অন্য মাতৃসকলে সন্তানৰ এবছৰ নোহোৱালৈ তেওঁলোকৰ খাদ্যত নিমখ বা চেনি মিশ্ৰণ নকৰিবলৈ সকীয়াই দিয়ে৷ কিন্তু কিয়? জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমি সকলো খাদ্যতে জুতি বিচাৰোঁ৷ তেন্তে কিয় আপোনাৰ সন্তানটোৰ খাদ্যত নিমখ বা চেনি মিশ্ৰণ কৰিবলৈ বাধা দিয়া হয়৷

একাংশই ক’ব বিচাৰে যে মানুহৰ সন্তানে জন্মৰ ছমাহলৈ নিমখ-চেনিৰ সোৱাদ ল’ব নোৱাৰে৷ অৱশ্যে এই কথাটো একেবাৰে নুই কৰিব নোৱাৰি৷ 

নৱজাতকৰ ক্ষেত্ৰত চেনি বা নিমখৰ জুতি প্ৰাকৃতিকভাৱে পোৱা যায়৷ গতিকে কৃত্ৰিম উপায়েৰে সন্তানক চেনি-নিমখৰ জুতি দিয়াৰ কোনো প্ৰয়োজন নাই৷ এনে কৰিলে তেওঁলোকে ফল, পাচলি আদিৰ প্ৰাকৃতিক সোৱাদ অনুভৱ কৰিব নোৱাৰিব৷ দৰাচলতে ছমাহ পৰ্যন্ত আপোনাৰ সন্তানটোৱে চেনি-নিমখৰ প্ৰয়োজনীয়তা মাতৃদুগ্ধৰ পৰা লাভ কৰে৷

জন্মৰ ১-১২ মাহ পৰ্যন্ত সন্তানটিক এদিনত ১০০০ মিঃগ্ৰাতকৈও কম নিমখৰ প্ৰয়োজন হয় লগতে তেওঁলোকৰ কিডনী ইমানেই অপৈণত হয় যে তেওঁলোকে অধিক নিমখ গ্ৰহণ কৰিব নোৱাৰে৷ ইয়াৰ ফলত কিডনী বিকল হোৱাৰ সম্ভাৱনা থাকে৷ অধিক নিমখ সেৱনৰ ফলত পাছলৈ গৈ তেওঁলোকৰ মস্তিষ্কৰ সমস্যা, কিডনীৰ সমস্যা, উচ্ছ ৰক্তচাপ আদিৰ সমস্যাই দেখা দিব পাৰে৷

ইয়াৰ উপৰি চেনিত প্ৰচুৰ পৰিমাণে ক্ষতিকাৰক কেমিকেল থকাৰ লগতে নিউট্ৰিয়েনছৰ পৰিমাণ নাই বুলিয়ে ক’ব পাৰি৷ চেনিযুক্ত খাদ্যবোৰে কোনোধৰণৰ নিউট্ৰিয়েনছ প্ৰদান নকৰাকৈ তৎক্ষণাৎ আপোনাৰ শিশুটিৰ পেট ভৰ্তি কৰাই দিয়ে৷ যাৰ ফলত শিশুটিয়ে অন্য খাদ্য গ্ৰহণ কৰিবলৈ ইচ্ছা নকৰে৷ গতিকে এবছৰৰ তলৰ শিশুক চেনি খাবলৈ নিদিয়াটো উচিত৷ যিহেতু নৱজাতকে চেনি আৰু নিমখৰ পাৰ্থক্য বুজি নাপায়৷ গতিকে তেওঁলোকক মাতৃদুগ্ধ, ফল-মূল, শাক-পাচলি, কণী আদিত থকা প্ৰাকৃতিক চেনি বা নিমখৰ সোৱাদ দিবলৈ আৰম্ভ কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here