নৰসিংহৰ পাত খাদ্য তালিকাত ৰাখিছেনে?

0
2313

নৰসিংহ ঔষধি গুণবিশিষ্টৰ লগতে এবিধ পুষ্টিকাৰক উদ্ভিদ৷ বাৰী, হাবি আদি সকলোতে ইয়াক দেখা যায়৷ অসমীয়া লোকৰ অতি পৰিচিত এইবিধ উদ্ভিদৰ আছে আমাৰ লাগতিয়াল অনেক উপাদান৷ ইয়াৰ বৈজ্ঞানিক নাম মুৰায়া কোৱেনজিল (Murraya koenjil)৷ মাগুৰ মাছৰ সৈতে নৰসিংহৰ ৰসৰ জোলখন কোনে পাহৰিব বাৰু৷ অসমীয়া সমাজত ইয়াৰ কোমল পাতক আদা, নহৰু, জলকীয়াৰে পিচি চাটনি হিচাপেও ব্যৱহাৰ কৰা হয়৷ আনহাতে দাক্ষিণাত্যত চম্বৰ, ডোছা, ইডলি আদিত ইয়াক পৰিপূৰক ৰূপত হিচাপে ব্যৱহাৰ কৰা হয়৷ নৰসিংহৰ পাতত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ লোণ পোৱা যায়৷ ইয়াৰ উপৰি ফচফৰাছ, কেলচিয়াম, আইৰন, মেগনেচিয়াম, কোবাল্ট ভিটামিন-এ, ভিটামিন-বি, ভিটামিন-ইৰ উপৰি এমাইন’ এচিড, গ্লাইক’চাইড আৰু ফেভিনইড যথেষ্ট পৰিমাণে পোৱা যায়৷ নৰসিংহৰ উপকাৰিতাৰ বিষয়ে জানো আহক–

(১) নৰসিংহৰ ৰস এণ্টিছেপ্‌টিক৷ সেয়ে শৰীৰৰ কটা-ছিঙা বা অস্ত্ৰোপচাৰৰ পাছত ঘা শুকুৱাবলৈ ইয়াৰ ৰস খালে ঘা শুকুওৱাত সহায় কৰে৷
(২) ডায়েৰিয়া, বদহজমৰ লগতে বেয়া কলেষ্টৰেলৰ বাবে নৰসিংহৰ পাতে প্ৰতিৰোধী ঔষধ হিচাপে কাম কৰে৷
(৩) ইয়াৰ পাতে অৰুচি আৰু বমি ভাব নাইকিয়া কৰে৷
(৪) নৰসিংহৰ ৰস আদাৰ সৈতে থেতেলিয়াই খালে পেটৰ কামোৰণি ভাল হয়৷
(৫) গ্ৰহণী ৰোগীৰ কাৰণে ইয়াৰ ৰস উত্তম পথ্য হিচাপে গণ্য কৰা হয়৷
(৬) মহিলাৰ ঋতুস্ৰাৱৰ সমস্যাত নৰসিংহৰ পাত খালে উপশম পোৱা যায়৷
(৭) গাৰ খজুৱতিৰ লগতে কীট-পতংগই কামুৰিলে নৰসিংহৰ পাতৰ ৰসৰ সৈতে নেমুৰ ৰস মিহলাই ক্ষতস্থানত দিলে বিষ নোহোৱা হোৱাৰ লগতে ঘা শুকায়৷
(৮) দাঁতৰ পৰা তেজ ওলোৱা, দাঁতৰ আলু ফুলা আদিত ইয়াৰ ৰসৰ আঞ্জা খালে সুফল পোৱা যায়৷
(৯) নৰসিংহৰ ৰসে মেদবহুলতাৰ সমস্যা নাইকিয়া কৰে৷
(১০) নৰসিংহৰ পাতে শৰীৰত তেজৰ পৰিমাণ বৃদ্ধিত সহায় কৰে৷
সেয়েহে আহক এনে এবিধ ঔষধি গুণেৰে ভৰা উদ্ভিদক আমি খাদ্য হিচাপে নিয়মিতৰূপে খাই শৰীৰ সুস্থ কৰি ৰাখো৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here