নেপচুনতকৈ সূৰ্যৰ কাষত থকা ইউৰেনাছ কিয় শীতল ?

0
41

যিমানে আপুনি উত্তপ্ত জুইৰ শিখাৰ যিমানেই ওচৰলৈ যাব, সিমানেই জুইৰ উত্তাপ বৃদ্ধি পাব৷ ঠিক একেদৰে সূৰ্যৰ যিমানে ওচৰত থকা যায় বা ওচৰলৈ যোৱা হয়, সিমানেই উষ্ণতা বা উত্তাপ বেছি হয়৷ এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া৷ কিন্তু পৃথিৱীৰ দুই গ্ৰহ ইউৰেনাছ আৰু নেপচুনৰ ক্ষেত্ৰত যেন এই কথাটো নাখাটে৷ কিয়নো সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটো হ’ল নেপচুন৷ সৌৰজগতৰ অষ্টম গ্ৰহ নেপচুন সূৰ্যৰ পৰা প্ৰায় ৪৪৮ কোটি ২২ লাখ কিলোমিটাৰ দূৰত্বৰ অৱস্থিত৷ তাৰ আগতেই অৰ্থাৎ সৌৰজগতৰ সপ্তম গ্ৰহ ইউৰেনাছ, যাৰ দূৰত্ব সূৰ্যৰ পৰা প্ৰায় ২৯০ কোটি কিলোমিটাৰ৷ অৰ্থাৎ নেপচুন আৰু ইউৰেনাছ এই গ্ৰহ দুটা মাজত দূৰত্ব প্ৰায় ১৫৮ কোটি কিলোমিটাৰ৷ অৰ্থাৎ সূৰ্যৰ পৰা ইউৰেনাছ যিমান দূৰত্বৰ অৱস্থানত আছে, নেপচুন আছে তাতকৈও ১৫৮ কোটি কিলোমিটাৰ দূৰত৷ সাধাৰণতে ইউৰেনাছ সূৰ্যৰ পৰা ওচৰত থকা হিচাপত এই গ্ৰহটোত পোহৰো বেছিকৈ পায়৷ সেয়ে হিচাপ মতে ইউৰেনাছ বেছি উষ্ণ হ’ব লাগে৷ কিন্তু ঘটনাটো ইয়াৰ সম্পূৰ্ণ বিপৰীতহে৷ নেপচুনৰ তাপমাত্ৰা মাইনাছ ২১৪ ডিগ্ৰী ছেলচিয়াছ হ’লেও ইউৰেনাছৰ তাপমাত্ৰা মাইনাছ ২২৪ ডিগ্ৰী ছেলচিয়াছ৷ সেয়ে সূৰ্যৰ কাষত থকা ইউৰেনাছ বেছি শীতল৷ কিয় এনে বিপৰীত হয় সেয়া জানিবলগীয়া কথা৷ ইয়াৰ কাৰণ হিচাপে বিবিচি স্কাই নাইট মেগাজিনত প্ৰকাশিত হোৱা তথ্য মতে অতীতত ইউৰেনাছ গ্ৰহত বিশাল আকাৰৰ কোনো বস্তুৱে আঘাত কৰিছিল৷ সেইটো হ’ব পাৰে পৃথিৱী বা মঙল গ্ৰহৰ আকাৰৰ কোনো বস্তু৷ এই আঘাতৰ ফলত ইউৰেনাছ পাছলৈ হাউলি পৰে৷ যাৰ বাবে ইয়াৰ ঘূৰ্ণন গতিও সলনি হৈছে৷ স্বাভাৱিক অৱস্থাতকৈ এই গ্ৰহটো ৯৭ ডিগ্ৰী হাউলি গৈছে৷ এই অংশত সূৰ্যৰ পোহৰ সঠিকভাৱে নপৰে৷ কিন্তু নেপচুনৰ ক্ষেত্ৰত এইধৰণৰ কোনো ঘটনা সংধটিত হোৱা নাই৷ সেয়ে সূৰ্যৰ পৰা যিমানখিনি পোহৰ বা উষ্ণতা পায়,গোটেইখিনিয়ে ইয়াত পৰে৷ যাৰ ফলত বেছি উষ্ণ হৈ পৰে৷ সেয়ে দূৰত থকা গ্ৰহ হ’লেও নেপচুন ইউৰেনাছতকৈ বেছি উষ্ণ হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here