নিৰ্বাচনী প্ৰচাৰত প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰি কেন্দ্ৰীয় চৰকাৰে অচিৰেই আইন প্ৰণয়ন কৰিব বুলি আশা প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে৷ চৰকাৰৰ হৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰ্য ভাটীয়ে কয় যে কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰ্যালয়ে মাৰ্চত ১০০ মাইক্ৰনৰ কম পি ভি চিসহ প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰি এখন বিধেয়কৰ খচৰা প্ৰস্তুত কৰে৷ এই খচৰা বিধেয়কখন ৰাজহুৱা কৰি এই সন্দৰ্ভত পৰামৰ্শ বিচৰা হৈছে৷ ২০২০ চনৰ জানুৱাৰীত হোৱা নিৰ্বাচনত প্লাষ্টিকৰ ব্যৱহাৰ সন্দৰ্ভত উত্তৰ বিচাৰি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহলৈ জাননী প্ৰেৰণ কৰিছে৷