নিশা ১২ বজাৰ পাছত সাৰে থকা স্বাস্থ্যৰ পক্ষে অশনি সংকেত

0
18

সাধাৰণতে প্ৰকৃতিৰ নিয়ম অনসৰি সকলো জীৱ-জন্তুৱে দিনত খোৱা-লোৱা, নিজৰ কৰ্মত ব্যস্ত থাকে আৰু ৰাতি জিৰণি লয়৷ এয়াই প্ৰকৃতিৰ নিয়ম৷ ইয়াৰ অন্যথা প্ৰকৃতিক নিয়মৰ বিপৰীতে যোৱা হয়৷ নিশা যিমানেই আগবাঢ়ে মানুহকে ধৰি আন প্ৰাণায়েই সিমানে টোপনিত নিমগ্ন হয়৷ কিন্তু এনে কিছুও আছে, যিয়ে গোটেই ৰাতি উজাগৰে থাকে আৰু দিনৰ ভাগত টোপনি যায়৷ এয়া কিন্তু মুঠেও স্বাস্থ্যসন্মত নহয়৷ মানুহৰ মস্তিষ্ক এনে এটা বস্তু, যাৰ লগত বহুতেই নিজৰ সমীক্ষা মিলাব নোৰাৱে৷ সম্প্ৰতি জানিব পৰা গৈছে যে ৰাতি ১২ বজাৰ পাছত মস্তিষ্ক জিৰণি ল’ব খোজে৷ ৰাতি যিমানেই গভীৰ হয় মস্তিষ্কই শান্ত হৈ কেৱল জিৰণি লয়৷ কিছুৱে ৰাতি যিমানেই হওক মগজুক সক্ৰিয় কৰি ৰাখে৷ জিৰাবলৈ নিদি কামত ব্যস্ত ৰাখে৷ এনে অৱস্থাত মগজুৱে অন্ধকাৰ নিশা বিভিন্ন ধৰণৰ নেতিবাচক চিন্তা কৰিবলৈ আৰম্ভ কৰে৷ মনত ৰাখিব ৰাতি মস্তিষ্কই পজিটিভ ধাৰণাৰ তুলনাত নিগেটিভ ধাৰণা বেছি জন্ম দিয়ে৷ বিজ্ঞানীয়ে সমীক্ষাৰ পৰা জনাইছে যে ৰাতি ১২ বজাৰ পাছত মানুহৰ দেহটো সময়ত সৈতে চলাৰ চেষ্টা কৰে৷ গোটেই দিনটো কৰ্মব্যস্ততাৰ পাছত মন আৰু মগজুৱে বিশ্ৰাম ল’বলৈ বিচাৰে৷ আৰু সেই সময়কণত যদি সঠিকভাৱে জিৰণি ল’ব নোৱাৰে, তেনেহ’লে মগজুলৈ বিভিন্ন ধৰণৰ বেয়া চিন্তা, ধাৰণা আহিবলৈ ধৰে৷ মানুহৰ স্বভাৱ অনুসৰি দিনৰ ভাগত যিমান পজিটিভ চিন্তা মনলৈ আহে, ঠিক একেদৰে ৰাতি যিমানে আগবাঢ়ে সিমানে নিগেটিভ চিন্তাধাৰাই নিজৰ তাতে ৰাজত্ব কৰিব আৰম্ভ কৰে৷ এইধৰণৰ বেয়া তথা নিগেটিভ চিন্তাবোৰে মানুহগৰাকীক নিজক নিজেই শেষ কৰি দিবও পাৰে৷ আনহাতে বিশ্বত এনে বহু লোক আছে, যিসকলে নিজেই নাজানে যে তেওঁলোক কোন অন্ধকাৰ দিশে গতি কৰি আছে৷ বয়স বঢ়াৰ লগে লগে ইয়াৰ প্ৰভাৱ বেছিকৈয়ে পৰে৷ সেয়ে ইয়াৰ আগতেই সকলোকে সতৰ্ক হ’বলৈ আহবান জনাইছে বিজ্ঞানীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here