নিশাৰ ভাগত ৰুটী নাখাব

0
1912

বহুতেই ৰাতি ভাতৰ সলনি ৰুটী খায়৷ আকৌ কিছুমানৰ ব্ৰেকফাষ্টত ৰুটী-ভাজি নহ’লে নচলেই৷ বহুতেই বিশ্বাস কৰে যে ভাতৰ পৰিৱৰ্তে ৰাতি ৰুটী খালে শৰীৰ পাতল পাতল লাগে আৰু শৰীৰটো সুস্থ অনুভৱ কৰে৷ এইদৰে ৰুটী খালে পেট পৰিষ্কাৰ হৈ থাকে৷ সাধাৰণতে ঘেঁহুৰ পৰা তৈয়াৰী আটাৰ ৰুটীত নানাধৰণৰ উপাদান থাকে, যি স্বাস্থ্যৰ বাবে লাগতিয়াল৷ প্ৰতিটো বস্তুৰে যিমান উপকাৰী গুণ আছে, তাৰ বিপৰীতে কিন্তু অপকাৰী গুণো দেখিবলৈ পোৱা যায়৷ আপুনি জানেনে?– ৰুটীৰ উপকাৰিতাৰ লগতে ইয়াৰ অপকাৰিতাও আছে৷ বিভিন্ন ৰোগৰ পৰা হাত সাৰিবলৈ বহুতেই ৰাতি ভাতৰ পৰিৱৰ্তে ৰুটী খোৱাৰ অভ্যাস কৰে৷ ৰাতি ভাত খোৱাৰ পৰিৱৰ্তে ৰুটী খোৱা উচিতনে? এই লৈ বিভিন্নজনে সন্দিহান হৈ পৰাও দেখা যায়৷ বিশেষজ্ঞসকলৰ মতে, দুপৰীয়া ভাত আৰু ৰুটী দুয়োটাই খোৱাৰ উপযোগী৷ আনহাতে দুপৰীয়া ভাত খালেও নিশালৈ ৰুটী খোৱাটো অতি উত্তম বুলিও প্ৰকাশ কৰে বিশেষজ্ঞসকলে৷ কিন্তু অত্যধিক ৰুটী খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক বুলি মত প্ৰকাশ কৰিছে৷ ঘেঁহুৰ পৰা তৈয়াৰ হোৱা ৰুটী খোৱাৰ ফলত শৰীৰত কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধি পাব পাৰে৷ হৃদৰোগ বিশেষজ্ঞৰ মতে ঘেঁহুৰ পৰা পোৱা আটাৰে তৈয়াৰী খাদ্যবোৰৰ উপাদানে অকালতে বয়স বঢ়োৱাত সহায় কৰে৷ ফলস্বৰূপে মাংসপেশী কোঁচ খাই যাব পাৰে আৰু শৰীৰত বলিৰেখাৰ সৃষ্টি কৰি শাৰীৰিক গঠন বৃদ্ধাৱস্থাৰ দৰে হ’ব পাৰে৷ ৰুটী বেছিকৈ খালে চুলি সৰা সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ ঘেঁহুত অতিৰিক্ত পৰিমাণে গ্লুটেইন নামৰ এবিধ উপাদান থাকে৷ ইয়াক সহজে হজম কৰিব নোৱাৰি৷ এই গ্লুটেইনে পেটৰ অসুখৰ সৃষ্টি কৰে৷ আন একাংশ গৱেষকৰ মতে, ঘেঁহুৰ পৰা তৈয়াৰী খাদ্যবোৰে শৰীৰত ৰক্ত শৰ্কৰাৰ পৰিমাণ বঢ়াই দিয়ে৷ ইয়াৰ ফলত শৰীৰৰ ইনছুলিন ক্ষৰণৰ পৰিমাণ বাঢ়ি যায়৷ এনেদৰে ইনছুলিনৰ পৰিমাণ বাঢ়ি যোৱাৰ বাবে টাইপ-২ ডায়েবেটিছত আক্ৰান্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে৷ ঘেঁহুত নাইট্ৰিক এচিড থাকে৷ ই শৰীৰৰ প্ৰয়োজনীয় উপাদান কেলচিয়াম, আইৰন, জিংক আদিৰ মাত্ৰা হ্ৰাস কৰে৷ তদুপৰি ঘেঁহুৰ পৰা প্ৰস্তুত হোৱা খাদ্য অতিৰিক্তভাৱে খালে মস্তিষ্কৰ বিভিন্ন ৰোগে দেখা দিব পাৰে৷ সেয়েহে আমি ৰাতিৰ সাঁজত ভাতৰ পৰিৱৰ্তে ৰুটী খোৱা উচিত নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here