নিয়মিত এই পানীয় খালেব্লেকহেডছৰ সমস্যা দূৰ হয়

0
294


বহুতৰে ব্লেকহেডছৰ সমস্যা থাকে৷ ব্লেকহেডছৰ সমস্যাটোৱে মানুহজনক দেখিবলৈ অশুৱনি কৰে৷ সেয়েহে এই সমস্যাৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি সপ্তাহৰ মূ্‌ৰ মূৰে পাৰ্লাৰলৈ ঢাপলি মেলে, বা আন ধৰণেৰে ইয়াৰ নিৰ্মূলৰ ব্যৱস্থা কৰা দেখা যায়৷ এইদৰে বিভিন্ন উপায় অৱলম্বন কৰাৰ ফলত সাময়িকভাৱে কিছু সকাহ পালেও পুনৰ এই সমস্যাই দেখা দিয়ে৷ এই ব্লেকহেডছৰ সমস্যা দূৰ কৰিবলৈ আন এক উপায় আছে৷ নিয়মিতভাৱে এই পানীয় সেৱন কৰিলে ব্লেকহেডছৰ সমস্যাৰ পৰা নিৰাময় পাব পাৰি৷ জানো আহক কি পানীয় সেৱন কৰিব এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ৷
(ৰ) শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ বহুতেই গ্ৰীন টী খায়৷ কিন্তু এই চাহৰ যে ব্লেকহেডছ দূৰ কৰাৰ গুণ আছে সেইটো বহুতেই নাজানে৷ গ্ৰী টীয়ে শৰীৰৰ পৰা টক্সিন বাহিৰ কৰি ছালখন পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে৷ এই চাহ অলপমান নেমুৰ ৰসৰ সৈতে মিহলাই সেৱন কৰিলে ব্লেকহেডছৰ হোৱাৰ আশংকা নাথাকে৷
(২) নিম আৰু মৌ এই দুই উপকৰণ ছালৰ বাৰে খুব উপকাৰী৷ বিশেষকৈ ব্লেকহেডছৰ সমস্যা থাকিলে নিমপাতৰ চাহ খাব পাৰে৷ মিন পাতৰ ৰস গৰম কৰি তাত অকণমান মৌ মিহলাই খালে ব্লেকহেডছৰ সমস্যাৰ পৰা সহজে উপশম পাব৷
(৩) আমলখি আৰু আদা এই দুয়োবিধতে উপকাৰী উপাদানৰ অভাৱ নাই৷ আদা আৰু আমলখিৰ ৰস মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰি এসপ্তাহ খালে ব্লেকহেডছৰ সমস্যাৰ পৰা কম সময়ৰ ভিতৰতে সমাধান পাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here