সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কাল কৰ’না মহামাৰীয়ে সামজিক, অৰ্থনৈতিক আদি সকলো ক্ষেত্ৰতে বিৰূপ প্ৰভাৱ পেলোৱাৰ সমান্তৰালভাৱে মানসিকভাৱে যথেষ্ট কু-প্ৰভাৱ পেলাইছে৷ আজি বিশ্বত কৰ’নাত আক্ৰান্ত হৈ অগণন লোকৰ মৃত্যু হোৱাৰ লগতে কিদৰে মানুহৰ জীৱনলৈ ভয়ংকৰ বিপৰ্যয় নমাই আনিছে, সেয়া দোহৰাৰ প্ৰয়োজন নাই৷ কৰ’নাৰ ফলত মানুহৰ মাজত দুশ্চিন্তা যথেষ্ট পৰিমাণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ইয়ে মানুহৰ শৰীৰত বেয়াকৈ প্ৰভাৱ পেলাইছে৷ কৰ’নাৰ প্ৰভাৱত এতিয়া নিদ্ৰাহীনতাৰ সমস্যাই প্ৰায়ভাগৰ ওপৰত দেখা গৈেছ৷ কৰ’নাকেন্দ্ৰিক পৰিৱেশত মানুহৰ টোপনিত যথেষ্ট ক্ষতি কৰিছে৷ কৰ’নাকালত বহুজনে নিজৰ পিতৃ-মাতৃ, আপোনজনক হেৰুৱাই দিক্-বিদিক হেৰুৱাই পেলাইছে৷ কিছুমান পৰিয়ালৰ নিজৰ একমাত্ৰ উপাৰ্জনকাৰীজনক কৰ’নাত হেৰুৱাই হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷ ইয়াৰ উপৰি লকডাউনৰ ফলত শ্ৰমিক-কৰ্মচাৰীয়ে কাম হেৰুৱাই, নিজৰ উপাৰ্জনৰ পথ নোহোৱাত হোৱাত পোহপাল যাবলৈও মূৰে-কপালে হাত দিবলগীয়া হৈছে৷ এই সংকটকালত কি কৰিব, কেনেকৈ চলিব– এইবোৰ চিন্তাতে এচামৰ টোপনি নোহোৱা কৰিছে৷ যাৰ ফলত শাৰীৰিক আৰু মানসিক দুয়োটাৰে বলি হ’বলগীয়া হৈছে ৰাইজ৷ American Academy of Sleep Medicine-এ বিগত এবছৰ ধৰি চলোৱা এক সমীক্ষাত আমেৰিকাত নিদ্ৰাহীনতাৰ সমস্যাত ভোগা লোকৰ সংখ্যা বৰ্তমান ৬০ শতাংশলৈ বৃদ্ধি পাইছে৷ ইয়াৰ আগতে দেশখনত টোপনি নোহোৱা লোকৰ সংখ্যা ২০% আছিল৷ সমীক্ষাটোত ইয়াৰ মূল কাৰণ কৰ’নাৰ সন্ত্ৰাসৰ ফলত এনে হোৱা বুলি কোৱা হৈছে৷ অকল আমেৰিকাই নহয়, কৰ’না আক্ৰান্ত বিশ্বৰ সকলো ঠাইতে এনে হোৱা পৰিলক্ষিত হৈছে৷ এনে অশুভ মানৱদেহৰ অনিষ্টকাৰী কাৰকসমূহৰ কাৰণে আমি যিকোনো দুশ্চিন্তাৰ পৰা নিজকে মুক্ত ৰখা, সুষম, প্ৰ’টিনযুক্ত আহাৰ নৈমিত্তিক গ্ৰহণ কৰা, ৰাতিপুৱাৰ ভাগত কমেও ১৫ মিনিট সময় দেহত সূৰ্যৰ পোহৰ পৰিবলৈ দিয়া, নিতৌ শাৰীৰিক ব্যায়াম কৰা, মন প্ৰফুল্লিত ৰাখিবলৈ গান শুনা, কিতাপ পঢ়া, বাগিচাৰ কাম কৰা ইয়াৰ লগতে পৰিয়ালৰ সৈতে আনন্দমনে দিনটো অতিবাহিত কৰা আদি কামবোৰ কৰিলে এনে সমস্যাৰ পৰা হাত সাৰিব পৰা যাব৷