খালী ভৰিৰে খোজ কঢ়াটো স্বাস্থ্যৰ পক্ষে উপকাৰী বুলি আগৰ দিনৰ বয়সস্ক লোকসকলে কোৱা প্ৰায়ে শুনিবলৈ পোৱা গৈছিল৷ কিন্তু আজিৰ জীৱনশৈলীত মানুহে খালী ভৰিৰে খোজ কাঢ়িবলৈ পাহৰিয়েই৷ শিশু, ডেকা, বুঢ়া সকলোৱে জোতা, ছেণ্ডেল নিপিন্ধাকৈ এক মুহূৰ্তও থাকিব নোৱাৰা হ’ল৷ সেয়েহে আজিৰ মানুহৰ খালী ভৰিৰে খোজ কঢ়াৰ অভ্যাস নোহোৱাই হৈছে৷ ঘৰতে কওক বা অফিচ-কাছাৰী, ঘৰৰ বাহিৰলৈ বজাৰ-সমাৰ কৰিবলৈ ওলালে দিনটোৰ সকলো সময়তে ভৰিত জোতা, ছেণ্ডেল থাকেই৷ কিন্তু স্বাস্থ্য বিশেষজ্ঞসকলে কোৱা মতে আমি পুৱা শুই উঠাৰ পাছত কমেও ২০ মিনিটমান খালী ভৰিৰে ঘাঁহনিত খোজ কাঢ়িলে বহুখিনি শাৰীৰিক উপকাৰ পোৱা যায়৷ খালী ভৰিৰে খোজ কঢ়াৰ ফলত ভৰিৰ তলুৱাত চাপ পৰে৷ আচলতে আমাৰ শৰীৰৰ কেইবাটাও অংগৰ প্ৰেছাৰ পইণ্ট হ’ল ভৰিৰ তলুৱাখন৷ ইয়াৰ ভিতৰত চকুও আছে৷ ভৰিৰ সঠিক বিন্দুত চাপ পৰিলে দৃষ্টিশক্তি বৃদ্ধি পায়৷ আনহাতে পুৱাই খালী ভৰিৰে ঘাঁহনিত খোজ কঢ়াৰ ফলত গ্ৰীন থেৰাপি পোৱা যায়৷ ইয়াৰ ফলত ভৰিৰ তলুৱাত থকা কোমল কোষৰ সৈতে জড়িত স্নায়ু সক্ৰিয় হৈ উঠে আৰু মগজুলৈ ইয়াৰ সংকেত প্ৰেৰণ কৰে৷ ইয়াৰ ফলত এলাৰ্জিৰ সমস্যা নোহোৱা হয়৷ আনহাতে আমি পুৱা যেতিয়া ঘাঁহনিত খোজকাঢ়ো, তেতিয়া ই আমাৰ ভৰিৰ বাবে একপ্ৰকাৰৰ মালিচৰ কাম কৰে৷ ইয়াৰ ফলত ভৰিৰ মাংসপেশীবোৰ শিথিল হৈ পৰে৷ যাৰ কাৰণে ভৰিৰ বিষ নোহোৱা হয়৷ আনহাতে পুৱা ঘাঁহনিত খোজ কঢ়াটো মানসিক স্বাস্থ্যৰ বাবেও উপকাৰী৷ এই কাৰ্যই মানসিক চাপৰ বিকাশ ঘটাই মনটো প্ৰফুল্লিত কৰি তোলে৷ ইয়াৰ ফলত মানসিক চাপ, স্ত্ৰেচ, হতাশা, উদ্বেগ আদি ভাব নোহোৱা হৈ মনটো মুকলি হৈ পৰে৷ যিয়ে দিনটোক কামত উৎসাহিত কৰে৷ এই অভ্যাসৰ ফলত শৰীৰৰ আন এক উপকাৰো সাধন হয়, যি বহুতেই নাজানে৷ ডায়েবেটিছ ৰোগীৰ ঘা শুকাওঁতে বহু সময় লাগে৷ কিন্তু নিয়মীয়াভাৱে খালী ভৰিৰে খোজ কঢ়িলে এই সমস্যাৰ পৰা সকাহ পাব পাৰি৷