নিজৰ উদ্ভাৱিত চিকিৎসা পদ্ধতিৰে কেঞ্চাৰমুক্ত হ’ল চিকিৎসক

0
111

বিশ্বৰ প্ৰথম গ্লায়োব্লাণ্টোমাৰ [এইধৰণৰ মস্তিষ্কৰ কেঞ্চাৰ] পৰীক্ষামূলক চিকিৎসা পদ্ধতিৰ দ্বাৰা এবছৰ ধৰি কেঞ্চাৰমুক্ত হৈ আছে অষ্ট্ৰেলিয়াৰ চিকিৎসক ৰিচাৰ্ড স্কলিয়াৰ৷ আচৰিত কথা এয়ে যে এই চিকিৎসা পদ্ধতি উদ্ভাৱন কৰা হৈছে খোদ স্কলিয়াৰৰ নিজৰ গৱেষণাৰ ওপৰত ভিত্তি কৰি৷ মেলানোমাৰ [এক ধৰণৰ ছালৰ কেঞ্চাৰ] ওপৰত কৰা নিজৰ যুগান্তকাৰী গৱেষণাৰ ওপৰত ভিত্তি কৰি এই প্ৰখ্যাত চিকিৎসকজনে মস্তিষ্কৰ কেঞ্চাৰৰ থেৰাপী লৈছিল৷ অধ্যাপক স্কলিয়াৰে যি মাৰাত্মক আৰু জটিল ধৰণৰ কেঞ্চাৰত হৈছিল, এই ৰোগৰ ৰোগীয়ে এবছৰো জীয়াই থকাটো অসম্ভৱ৷ ৫৭ বছৰীয়া চিকিৎসকজনে সৰ্বশেষত এমআৰআই স্কেনৰ জৰিয়তে টিউমাৰটো ঘূৰি অহাৰ কথা জানিব পাৰে৷ তেওঁ জনোৱা মতে ইয়াৰ আগতে কৰা যিকোনা স্কেনৰ ৰিপ’ৰ্টক লৈ বেছি নাৰ্ভাছ হৈছিল৷ কিন্তু এইবাৰৰ ফলাফলৰিপ’ৰ্ট তেওঁৰ হকে যোৱা বাবে তেওঁ ভীষণ ৰোমাঞ্চিত আৰু অত্যন্ত সুখী অনুভৱ কৰিছে৷ উল্লেখ্য যে স্কলিয়াৰ অষ্ট্ৰেলিয়াৰ চিকিৎসা ক্ষেত্ৰত সকলোতকৈ সন্মানীয়সকলৰ ভিতৰত এজন৷ চলিত বছৰত তেওঁ মেলানোমাৰ লৈ কৰা যুগান্তকাৰী গৱেষণাৰ বাবে তেওঁৰ লগতে সহকৰ্মীসকলক ‘অষ্টে˜লিয়ান অব দ্য ইয়াৰ’ ঘোষিত কৰিছে৷ বিগত এক দশক ধৰি চিকিৎসকজনে ইমিউনোথেৰাপীক লৈ গৱেষণা কৰি আছে৷ এই পদ্ধতিত শৰীৰৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থা ব্যৱহাৰ কৰি কেঞ্চাৰৰ কোষবোৰ আক্ৰমণ কৰা হয়৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ থকা কেঞ্চাৰৰ শেষ ঢাপত থকা ৰোগীসকলৰ মাজত এই পদ্ধতি ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ জৰিয়তে ফলপ্ৰসূ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ অধ্যাপক স্কলিয়াৰৰ মস্তিষ্কৰ কেঞ্চাৰৰ চিকিৎসা তথা ইয়াৰ নিৰ্মূলৰ বাবে অধ্যাপক লংসহ চিকিৎসকৰ দল এটাই এই পদ্ধতি ব্যৱহাৰ কৰিছিল৷ ইয়াৰ জৰিয়তে গত বছৰত কেঞ্চাৰত আক্ৰান্ত প্ৰথম ব্যক্তি হিচাপে এইধৰণৰ সংমিশ্ৰিত ঔষধৰ মাধ্যমেৰে টিউমাৰ অপসাৰণৰ আগেয়ে ইমিউনোথেৰাপী দিয়া হৈছিল স্কলিয়াৰৰ৷ আনহাতে স্কলিয়াৰ প্ৰথম ৰোগী, যাক টিউমাৰৰ বৈশিষ্ট্য অনুয়াযী বিশেষধৰণৰ টিকা দিয়া হৈছে৷ ইয়াৰ ফলত ঔষধেৰে কেঞ্চাৰ চিনাক্ত কৰাৰ ক্ষমতা বাঢ়িছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here