কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বাবে কৰ’নাৰ ভেক্চিনৰ দাম নিৰ্ধাৰণ কৰে৷ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ মতে, ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে কভিশ্বিল্ড আটাইতকৈ কম দামত লাভ কৰিব৷ কভিশ্বিল্ডৰ প্ৰতি পালিৰ দাম হ’ব ৭৮০ টকা৷ ইয়াৰ ভিতৰত ৬০০ টকা ভেক্চিনৰ দাম৷ ইয়াৰ লগত পাঁচ শতাংশ জি এছ টি আৰু ১৫০ টকাৰ সেৱা মাচুল ধৰা হৈছে৷ আনহাতে কভেক্সিনৰ প্ৰতিটো পালিৰ দাম হ’ব ১৪১০ টকা৷ ইয়াৰ ভেক্চিনৰ দাম ১২০০ টকা, ইয়াৰ লগত ৬০ টকাৰ জি এছ টি আৰু ১৫০ টকা সেৱা মাচুল৷ স্পুট্নিক ভি ভেক্চিনৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বাবে সৰ্বাধিক দাম হ’ব প্ৰতিটো পালিত ১১৪৫ টকা৷ ইয়াৰ লগত ভেকচিনৰ দাম ৯৪৮ টকা আৰু ৪৭ টকাৰ জি এছ টিৰ সৈতে ১৫০ টকাৰ সেৱা মাচুল৷ চৰকাৰে স্পষ্ট কৰি দিয়ে যে দাম নিৰ্ধাৰণৰ পাছত বেচৰকাৰী টিকাকৰণ কেন্দ্ৰৰ ওপৰত কঠোৰ দৃষ্টি ৰখা হ’ব আৰু অধিক দাম ল’লে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব৷ সেৱা মাচুল ১৫০ টকাতকৈ অধিক ল’ব নোৱাৰিব বুলিও চৰকাৰে স্পষ্ট কৰি দিছে৷