নামনি অসমৰ একমাত্ৰ যক্ষ্মা চিকিৎসা কেন্দ্ৰ ধুবুৰী যক্ষ্মা হস্পিটেল বৰ্তমান সময়ত বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ পৰিছে৷ প্ৰায় ১০ বিঘা মাটিকালিৰে আৱৰি থকা চিকিৎসালয়খনলৈ যক্ষ্মা ৰোগীৰ চিকিৎসাৰ বাবে অবিভক্ত গোৱালপাৰা জিলাৰ লগতে নামনি অসমৰ বিভিন্ন জিলা, মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ জিলাৰ পৰা ৰোগীসকল উক্ত চিকিৎসালয়খনলৈ আহিছিল৷ কিন্তু সময় বাগৰাৰ লগে লগে স্বাস্থ্য বিভাগৰ অৱহেলাৰ বাবে এই গুৰুত্বপূৰ্ণ হস্পিটেলখনলৈ ৰোগীৰ সংখ্যা অভাৱনীয়ভাৱে হ্ৰাস পাবলৈ ধৰে৷ তথ্য মতে চিকিৎসালয়খনত বৰ্তমান তিনিজন চিকিৎসক আছে যদিও এজন সক্ৰিয় আৰু দুজন সহকাৰীৰ ভিতৰত এজনে আকৌ ধুবুৰী চিভিলত এটাছমেণ্টতহে আছে৷ আনহাতে ফামাৰ্চিষ্ট, লেবৰেটৰি টেকনিচিয়ান তথা আন বিভাগসমূহো একেই অৱস্থা পৰিলক্ষিত হৈছে৷ ইয়াৰ লগতে চিকিৎসালয়খনৰ বিষয়া-কৰ্মচাৰীসকলে প্ৰায়েই চিকিৎসালয়ৰ অনুপস্থিত থকাৰ ৰাজহুৱা অভিযোগ আছে৷ আনহাতে চিকিৎসালয়খনত দীৰ্ঘদিন ধৰি বিশুদ্ধ খোৱাপানীৰ অভাৱে ৰোগী তথা ৰোগীৰ লগত যোৱা লোকসকলে হাৰাশাস্তি দি আহিছে৷ খোৱাপানীৰ নামত বাহিৰৰ পৰা ক্ৰয় কৰি আনিবললগীয়া হয়৷ যি পানীৰ ব্যৱস্থা আছে, সেয়া সম্পূৰ্ণ আহৰনযুক্ত, খোৱাৰ অনুপযোগী৷ ইয়াৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল চিকিৎসালয়খনৰ দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে ৰোগীৰ পৰীক্ষাৰ বাবে ব্যৱহাৰ কৰা এক্স ৰে মেচিন, দক্ষ কৰ্মীৰ অভাৱত লেবৰেটৰিৰ পৰীক্ষাবোৰৰো উপযুক্ত ফলাফল নোলায়৷ ইয়াৰ লগতে তদাৰকৰ অভাৱত ইয়াৰ চৌহদৰ চাৰিসীমাৰ বেৰবোৰ জহি-খহি যাবলৈ ধৰিছে৷ যাৰ ফলত মুকলি হৈ পৰিছে চিকিৎসালয়ৰ চৌদিশ৷ যাৰ পূৰ্ণ সুযোগ লৈ এচামে দুষ্ট কাৰ্য সহজে কৰিবলৈ সুবিধা পাইছে৷ আনহাতে সুপৰিকল্পিত নলাৰ ব্যৱস্থা নথকাত চিকিৎসালয়খনত সহজে পানী জনা হৈ বানপানীসদৃশ পৰিৱেশত সৃষ্টি কৰে৷ মুঠতে এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত চিকিৎসালয়খনলৈ চকু দিবলৈ চৰকাৰৰ প্ৰতি ইয়াৰ ৰাইজে অনুৰোধ জনাইছে৷