এটা বিশাল আকাৰৰ গ্ৰহাণু পৃথিৱীৰ একেবাৰে কাষ চাপিছে৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ নাছাই এই কথা প্ৰকাশ কৰিছে৷ নাছাই সতৰ্কবাণী প্ৰকাশ কৰা মতে এই গ্ৰহাণুটোৰ নাম চি এম ২০২৩৷ এই গ্ৰহাণুটোৱে যোৱা সপ্তাহৰ পৃথিৱীৰ কাষ চাপে৷ নাছাৰ জেট প্ৰপালশ্যন লেবৰেটৰিয়ে প্ৰকাশ কৰা মতে এই গ্ৰহাণুটো এটা বৃহৎ আকাৰৰ অট্টালিকাৰ সমান৷ এই চি এম ২০২৩ নামৰ গ্ৰহাণুটো প্ৰথমবাৰৰ বাবে দেখা পোৱা গৈছিল দুই ফেব্ৰুৱাৰীত৷ এই গ্ৰহাণুটো তেতিয়া প্ৰতি ঘণ্টাত ৫০ হাজাৰ কিল’মিটাৰ বেগত পৃথিৱীৰ ফালে আহি আছিল৷ সাধাৰণতে এটা উল্কাপিণ্ডটোৰ গতিবেগ প্ৰতি ঘণ্টাত ২৫ হাজাৰৰ পৰা ৪০ হাজাৰ কিল’মিটাৰ৷ কিন্তু আশ্চৰ্যজনকভাৱে এই উল্কাপিণ্ডটোৰ প্ৰতিঘণ্টাত গতি ৫০ হাজাৰ কিল’মিটাৰ হোৱাত বিজ্ঞানীসকলে আশংকা ব্যক্ত কৰিছিল৷ এই বেগত আহি যদি ই পৃথিৱীক খুন্দিয়ায়, তেন্তে বিপদৰ সন্মুখীন হ’ব আমাৰ গ্ৰহ পৃথিৱী এই শংকা প্ৰকাশ কৰিছিল বিজ্ঞানীয়ে৷ কিন্তু নাছাই পাছত এই কথাও প্ৰকাশ কৰে যে চি এম ২০২৩ নামৰ গ্ৰহাণুটোৱে পৃথিৱীৰ একেবাৰে কাষ চপাৰ সময়ত ইয়াৰ দূৰত্ব হৈছে প্ৰায় ২৪,৫o ০০০ কিল’মিটাৰ৷ সেয়ে ই পৃথিৱীৰ খুন্দা মৰাৰ আশংকা নুই কৰে বিজ্ঞানীয়ে৷