নাছাৰ মঙল গ্ৰহত এইবাৰধাতৱ উল্কাপিণ্ডৰ সন্ধান লাভ

0
213

নাছাৰ মহাকাশ যানে মঙল গ্ৰহৰ বিভিন্ন ছবি পৃথিৱীলৈ অহৰহ পঠাই আছে৷ মঙলৰ মাটিত নাছাৰ যান কিউৰিঅ’চিটি প্ৰদক্ষিণ কৰি আছে৷ এইদৰে পঠোৱা ছবিবোৰৰ পৰা মঙল গ্ৰহ বিষয়ে আৰু অধিক জানিবলৈ সক্ষম হৈছে বিজ্ঞানীয়ে৷ এইবাৰ নাছাই পঠিওৱা এখন ছবিক লৈ বিজ্ঞানীসকলেও অবাক হৈছে৷ ছবিখন আন ছবিবোৰতকৈ ভিন্ন, অন্য পদাৰ্থ৷ ইয়াৰ পেনাৰমিক ভিউ উঠাই পৃথিৱীলৈ পঠিয়াইছে যানখনে৷ ইয়াৰ আগেও বিভিন্ন উল্কাপিণ্ডৰ ছবি কিউৰিঅ’চিটিয়ে পঠিয়াইছে, যিবোৰ বিশে¡ষণ কৰি বিভিন্ন তথ্য বিজ্ঞানীৰ হাতলৈ আহিছে৷ নাছৰ যানে এইবাৰ পৃথিৱীলৈ পঠিওৱা ব্যতিক্ৰম ছবিখন এটা ধাতৱ উল্কাপিণ্ডৰ৷ এই উল্কাপিণ্ডটো লোহা বা নিকেলেৰে তৈয়াৰী৷ উল্কাপিণ্ডটো এফুটমান ওখ৷ যাৰ ওপৰত বিশেষ পৰীক্ষা কৰাত বিজ্ঞানীয়ে জানিব পাৰিছে যে এইটো এটা ধাতৱ উল্কাপিণ্ড৷ বিজ্ঞানীয়ে এই ধাতৱ উল্কাপিণ্ডটোৰ নাম দিছে ক্যাকাও৷ প্ৰসংগতঃ মঙল গ্ৰহৰ আজানা তথ্যৰ এখন ছবি এটা এটাকৈ বিজ্ঞানীসকলৰ সন্মুখলৈ আহিছে৷ মঙলত পানী থকাৰ তথ্যও লাভ কৰিছে বিজ্ঞানীয়ে৷ ইয়াৰ পৰা হয়তো মঙলৰ আৱহাৱা, ইয়াৰ মাটিৰ প্ৰকৃতি , চাৰিওফালৰ পৰিস্থিতি সকলোবোৰ তথ্যই হাতলৈ আহিব৷ মঙল গ্ৰহ বিষয়ে প্ৰতিদিনে ন ন তথ্য তথা ছবি আৰু শব্দ আকাৰে বিভিন্ন তথ্য বিজ্ঞানীসকলে পাই আহিছে৷ সেই তালিকাত এইবাৰ নতুনকৈ সংযোজিত হ’ল এই উল্কাপিণ্ডটো৷ ধাতৱ এই উল্কাপিণ্ডটোৰ ছবি দেখি অথবা কিউৰিঅ’টিচিয়ে কৰা বিশ্লেষণক লৈ নাছাৰ বিজ্ঞানীয়ে আৰু গভীৰভাৱে ৰহস্যৰ সন্ধান পাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here