শেহতীয়াকৈ নাছাৰ টেলিস্কোপত ধৰা পৰিছে এক আশ্চৰ্যকৰ ব্লোকহোল৷ আটাকাম লাৰ্জমিলিমিটাৰ ছাবমিলিমিটাৰ এৰোৰে ভালদৰে পৰীক্ষা কৰাৰ পাছত জানিব পৰা গৈছে যে এই ব্লেকহোলৰ কাষত এটা বলয়ৰ দৰে দেখা গৈছে৷ গেলেক্সি এন জি চি ৫০৮৪৷ তাৰ মাজতে কৃষ্ণগহবাৰ সন্ধান৷ ছায়াপথত ব্লেকহোল৷ জ্যোতিৰ্বিদ্যা সম্পৰ্কীয় এখন জাৰ্নালে এই কথা জনাইছে নাছাৰ বিজ্ঞানীক৷ নক্ষত্ৰপুঞ্জত প্ৰায় ৮০ মিলিয়ন আলোকবৰ্ষৰ দূৰত্বত আছে এই ব্লেকহোল৷ নাছাৰ আমেচ ৰিছাৰ্চ চেণ্টাৰৰ বিজ্ঞানী ড॰ পামেলা মাৰকামে জানিবলৈ দিয়ে যে এই গেলেক্সিত এক অদ্ভুত ক্ৰছৰ দৰে দেখাত কাঠামো দেখা গৈছে৷ ইয়াৰ আগতে ২০২৩ চনত ৬ জুলাইত মাৰ্কিন মহাকাশ গৱেষণা সংস্থাটোৱে এটা কৃষ্ণগহ্বৰৰ কথা জনাইছিল৷ জেমছ ৱেৰ স্পেচ টেলিস্কোপৰ সহায়ত এই ব্লেকহোলটো দেখা গৈছিল বুলি দাবী কৰা হৈছে৷ উল্লেখ্য যে এই কৃষ্ণগহ্বৰ বা ব্লেকহোলটো সকলোতকৈ বেছি দূৰৱৰ্তী৷ এই ব্লেকহোলটো আছে এই ছায়াপথৰ মাজত৷ আনুমানিক ৫৭০ মিলিয়ন বছৰ আগতে CEERত্১১০১৯ এই ছায়াপথৰ বিস্ফোৰণ হৈছিল৷ তাৰ ফলতেই এই ব্লেকহোলটোৰ সৃষ্টি হয় বুলি ঠাৱৰ কৰা হৈছে৷ আৰু এইবাৰে পুনৰ এই ব্লেকহোলৰ সন্ধান পালে বিজ্ঞানীয়ে৷ বিজ্ঞানীয়ে উল্লেখ কৰে যে এই ব্লেকহোলটো বেছ আ(ৰ্যকৰ৷