নাছাৰ ছবি : শনিৰ উপগ্ৰহত পানীৰ ফোৱাৰ !

0
447


আমাৰ সৌৰ জগতৰ আটাইতকৈ বেছি উপগ্ৰহ থকা গ্ৰহটো হ’ল শনি৷ শনিৰ ১৪৫টা উপগ্ৰহ আছে৷ ইয়াৰ ভিতৰত ইনচেলেডাছো এটা৷ ইনচেলেডাছ শনিৰ ষষ্ঠ সৰ্বূহৎ উপগ্ৰহ৷ ইনচেলেডাছৰ মেৰুত পানীৰ ডাঙৰ ডাঙৰ ফোৱাৰা দেখা পোৱা গৈছে৷ এই ফোৱাৰাবোৰৰ উচ্ছতা মহাকাশত কেইবা কিল’মিটাৰতকৈ দেখা পোৱা গৈছে৷ অলপতে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই জেম্‌ছ ৱেব দূৰবীণৰ সহায়ত এই উপগ্ৰহটোৰ ফটো লৈছিল৷ ইনচেলেডাছে এই ফোৱাৰবোৰৰ জৰিয়তে মহাকাশলৈ পানীৰ লগতে জৈৱিক আৰু ৰাসায়নিক কণাও মহাকাশলৈ ছটিয়াইছে৷ এই কণাবোৰত জীৱৰ সম্ভাৱনাও থাকিব পাৰে বুলি কোৱা হৈছে৷ জেম্‌ছ ৱেবে যোৱা বছৰ নৱেম্বৰত ইনচেলেডাছৰ ফটো লৈছিল আৰু স্পেচ টেলিস্ক’প ছায়েন্স ইনষ্টিটিউটে যোৱা ১৭ মে’ত এই ফটো প্ৰকাশ কৰিছে৷ নাছাৰ গডাৰ্ড স্পেচ ফ্লাইট চেণ্টাৰৰ গ্ৰহসম্পৰ্কীয় জ্যোতিৰ্বিদ ছাৰা ফেগীয়ে কয় যে উপগ্ৰহটোৰ পানীৰ ফোৱাৰবোৰ বিশাল আকাৰৰ৷ এই বিলাকৰ বিষয়ে অধ্যয়ন কৰি থকা হৈছে৷ ইনচেলেডাছৰ ওপৰৰ খোলাটোৰ তলত থকা তৰল বৰফৰ সাগৰৰ পৰা সূৰ্যৰ তাপত গৰম বাষ্পৰ সৃষ্টি হয়৷ শনিৰ মাধ্যকৰ্ষণ শক্তিয়ে এই বাষ্পবোৰ নিজৰ ফালে টানে৷ ইয়াৰ ফলত উপগ্ৰহটোৰ পৃষ্ঠভাগত প্ৰায়ে এনে ধৰণৰ ফোৱাৰৰ সৃষ্টি হোৱা দেখা পোৱা যায়৷ ২০০৮-২০১৫ সময়ছোৱাত নাছাৰ কেচিনো মহাকাশযানে ইনচেলেডাছক দেখা পোৱাৰ পাছত বিজ্ঞানীসকলো আচৰিত হৈ পৰিছিল৷ মহাকাশযানখনত থকা মাছ স্পেক্টª’মিটাৰে জীৱৰ উৎপত্তি কৰিব পৰা জৈৱিক কণা এই ফোৱাৰবোৰৰ সৈতে ওলোৱা দেখা পাইছিল৷ ইয়াৰ উপৰি হাইড্ৰজেন, কাৰ্বন ডাই-অক্সাইড, মিথেইনৰ অনুৰ লগতে শিলৰ টুকুৰাও নিৰ্গত হোৱা দেখা পোৱ গৈছিল৷ কেচিনোৱে দিয়া তথ্যৰ পৰা এই কথা জানিব পৰা গৈছিল যে ইনচিলেডাছৰ সমুদ্ৰত বাসপযোগী হাইড্ৰ’থাৰ্মেল ভুছিদ্ৰ আছে৷ এনে ধৰণৰ ছিদ্ৰ আমাৰ পৃথিৱীৰ গভীৰ সমুদ্ৰৰ পোহৰ নপৰা অংশত আছে৷ ইমান গভীৰতা আৰু পোহৰ নপৰা অংশত মিথেন’জেন থাকে৷ মিথেন’জেন হ’ল সূৰ্যৰ ৰশ্মি নপৰা স্থানত মিথেইন গেছৰ সহায়ত জীয়াই থকা জীৱ৷ ইয়াৰ পৰাই পৃথিৱীত জীৱৰ সৃষ্টি হৈছিল৷ বিজ্ঞানীসকলৰ মতে ইনচেলেডাছতো মিথেন’জেন থাকিব পাৰে৷ তাৰ সমুদৰতো জীৱ থাকিব পাৰে৷ ইনচেলেডাছ বৰফেৰে আবৃত৷ ইয়াত সাগৰ আছে পৃষ্ঠভাগৰ তলত৷ বৃহস্পতিৰ উপগ্ৰহ ইউৰোপা আৰু নেপচুনৰ ট্ৰাইটনচো একে ধৰণৰ পৰিৱেশ আছে৷ শনিৰ উপগ্ৰহটোৰ পৰা ওলোৱা পানীৰ ফোৱাৰে পৃথিৱীৰ বাহিৰতো যে জীৱ থাকিব পাৰে তাৰেই প্ৰমাণ দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here