মাৰ্কিন মহাকাশ সংস্থা নাছাৰ এতিয়া গধুৰ দায়িত্ব৷ নাছাৰ চন্দ্ৰাভিযান আৰ্টেমিছ মিছনৰ বাবে বিশাল উদ্যোগ আৰু আয়োজন চলিছে৷ এই মিছনৰ পাঁচটা ভাগত অন্তৰ্ভুক্ত কৰিছে৷ যাৰ জৰিয়তে মহাকাশচাৰীয়ে মহাকাশত অৱতৰণ কৰাৰ পৰিকল্পনা কৰিছে৷ আৰ্টেিংছ-৩ মিছনত এজন মহিলা আৰু এজন পুৰুষ নাছাৰ ৰকেট নভশ্বৰৰ জৰিয়তে মহাকাশত ভৰি দিব৷ এই মহাকাশচাৰী এইবাৰ নতুন ড্ৰেছ পৰিধান কৰি মহাকাশত ভৰি দিব৷ প্ৰথমবাৰৰ বাবে এই পোছাকৰ ছবি নাছাই ৰাজহুৱা কৰে৷ নাছাৰ অধীনৰ আন্তৰ্জাতিক স্পেচ ষ্টেচন অক্সিওমে নভশ্বাৰৰ এখন স্পেচছ্যুটৰ অভ্যাস কৰিছে৷ সূক্ষ্ম, আৰাদদায়কস্পেটছ্যুট প্ৰস্তুত হৈ গৈছে৷ আৰ্টেমিছৰ বাবে স্পেটছুট, জোতা আদি পৰিধান কৰি নভশ্বৰৰ বাবে প্ৰশিক্ষণ দিয়া হৈছে৷ ১৯৬৯ চনত এপল’-১১এ নীল আমষ্ট˜ং, এডুইন এলড্ৰিন নামৰ দুই মহাকাশচাৰীয়ে প্ৰথম মহাকাশক মাটিত ভৰি দিছিল৷ তেওঁলোকে তাৰ পৰা এটা বেগত মাটি আৰু পাথৰ ভৰাই আনিছিল৷ নীল আমষ্টঙে ব্যহৱৰা কৰা পেৰাছুটৰ উন্নত প্ৰযুক্তি খতুৱাই নাছাই প্ৰস্তুত কৰিছে৷ মহাকাশত ব্যৱহাৰৰ বাবে ওমেগা স্পিডমাষ্টাৰ প্ৰফেশ্যনেল নামৰ বিশেষ ধৰণৰ হাতঘড়ীও নাছাই তৈয়াৰ কৰিছে৷ স্পেচ ছাটল মিছনৰ সময়ত এইধৰণৰ ঘড়ী ব্যৱহাৰ কৰা হয়৷ নাছাৰ পৰৱৰ্তী চন্দ্ৰাভিযানৰ প্ৰস্তুতি তুংগত উঠিছে৷ ইয়াৰ বাবে নাছাই মহাকাশৰ কক্ষপথত প্ৰথম লুনাৰ স্পেচ ষ্টেচন তৈয়াৰ কৰিছে৷ এই প্ৰকল্পৰ নাম ৰাখিছে গেট ৱে’ টু মুন৷ আনহাতে মহাকাশত য’তে-ত’তে ৰখিবৰ বাবে স্পেচ লঞ্চ ছিষ্টেম বা এছ এল এছ ৰকেট প্ৰস্তুত কৰিছে৷ নাছাৰ এই প্ৰগ্ৰামৰ মেনেজাৰ জন হানিকাটে কৈছে যে আৰ্টিমিছ -ৰ মিছনৰ পাছত পৰৱৰ্তী সকলো মিছন খুব জটিল হ’ব৷ মহাকাশত মানুহ লৈ যোৱাৰ ডাঙৰ পৰিকল্পনা থকাৰ কথাও তেওঁ সদৰী কৰে৷