নাছাই প্ৰকাশ কৰিলে সূৰ্যৰভয়াৱহ বা-মাৰলীৰ দৃশ্য

0
159


সম্প্ৰতি সূৰ্যপৃষ্ঠ অতি উত্তপ্ত হৈ পৰিছে৷ ইয়াৰ কাৰণ হ’ল ১১ বছৰীয়া সৌৰ চক্ৰ৷ শেহতীয়াভাৱে আমেৰিকাৰ মহাকাশ সংস্থা নাছাই সূৰ্যৰ বা-মাৰলীৰ ভয়াৱহ দৃশ্যৰ ভিডিঅ’৷ ইয়াত সূৰ্যৰ আয়নীভূত গেছৰ এক ঘূৰ্ণীয়মান স্তম্ভ সৌৰপৃষ্ঠৰ পৰা ওপৰলৈ উঠা দেখা গৈছে৷ এই স্তম্ভৰ আকৃতিৰ উচ্চতা আছিল ১,১৯,৮৯৬ কিলোমিটাৰ আৰু গতিবেগ আছিল ৪,৯৮,৮৯৬ কিলোমিটাৰ৷ বা-মাৰলীৰ ফলত সূৰ্যপৃষ্ঠত চন্দ্ৰৰ সমান আকাৰৰ অগ্নিপিণ্ড বৰ্ষণ হৈছিল৷ এই বিৰল মহাজাগতিক ঘটনা সৰ্বপ্ৰথমে দেখা পায় এষ্ট্ৰোফটোগ্ৰাফাৰ এপল’ লাস্কীয়ে৷ তেওঁ ইয়াৰ এটা ভিডিঅ’ প্ৰস্তুত কৰাৰ বাবে নাছাৰ ছলাৰ ডাইনামিক্স অবজাৰভেটৰীৰ সহায় লয়৷ লাস্কীয়ে কয় যে সূৰ্যৰ উত্তৰ গোলাৰ্ধত এই বা-মাৰলী তিনিদিন ধৰি আছিল৷ যাৰ ফলত চৌম্বকীয় গেছৰ বিশাল আকাৰৰ ডাৱৰ মহাকাশত বিয়পি পৰিছিল৷ তেওঁ লগতে উল্লেখ কৰে যে তেওঁ দীৰ্ঘদিন ধৰি সূৰ্যক নিৰীক্ষণ কৰি আছে৷ কিন্তু এনেধৰণৰ ঘটনা প্ৰথমবাৰৰ বাবে দেখিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here