মহাকাশৰ পৰা তোলা পৃথিৱীৰ মনোৰম দৃশ্যৰ ফটো প্ৰকাশ কৰিছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই৷ উল্লেখ্য যে নাছাই ইনষ্টাগ্ৰামৰ জৰিয়তে নিয়মীয়াকৈ আকৰ্ষণীয় ভিডিঅ’ তথা ফটো শ্বেয়াৰ কৰি আহিছে৷ শেহতীয়াকৈ মহাকাশ সংস্থাটোৱে এক অনন্য ভিডিঅ’ শ্বেয়াৰ কৰে৷ ইয়াত পৃথিৱীক ভিন্ন দৃষ্টিকোণৰ পাৰ দেখা পোৱা গৈছে৷ এই ভিডিঅ’ত পৃথিৱীক এক অনন্য ৰূপত দেখা পোৱা গৈছে আৰু সম্ভৱতঃ এই ভিডিঅ’ চোৱাৰ সময়ত আপুনিও এখন সুকীয়া জগতত সোমাই পৰিব৷ নাছাই এই ভিডিঅ’ প্ৰকাশ কৰি এইবুলি কয়, পৃথিৱীৰ কাষেৰে পাৰ হৈ যোৱাৰ সময়ত দেখা পোৱা গৈছিল, বাস্তৱিকতে৷ এই লোককেইজনে পৃথিৱীৰ কক্ষপথেৰে পাৰ হৈ যোৱাৰ সময়ত এই বিলৰ সুযোগ লাভ কৰে৷ তেওঁলোকৰ মতে এই নীলা মাৰ্বল মহাকাশৰ পৰা দেখাত প্ৰকৃততে অতি সুন্দৰ আৰু শিহৰণকাৰী আৰু তেওঁলোকে ২৫০ মাইল ওপৰৰ পৰা এই দৃশ্য দেখা পাইছিল৷ নাছাই প্ৰকাশ কৰা অনুসৰি এইআল্ট্ৰা হাই ডেফিনিশ্যন ভিডিঅ’ যোৱা বছৰ মাৰ্চৰ পৰা এই বছৰ মাৰ্চৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা ৬৭ আৰু ৬৮ সংখ্যক অভিযানৰ সময়ত ৰেকৰ্ড কৰা হৈছিল৷ মহাকাশ কেন্দ্ৰই পৃথিৱীৰ পৰা ৪০৯ কিল’মিটাৰ ওপৰত থাকি পৃথিৱীক পৰিভ্ৰমণ কৰি আছে৷ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰই প্ৰতি ৯০ মিনিটত এবাৰ পৃথিৱীৰ পৰিভ্ৰমণ কৰে৷