নাছাই ইউৰোপাত জীৱ থকাৰসম্ভাৱনাৰ সম্ভেদ ব্যক্ত কৰিছে

0
307


পৃথিৱীৰ বাহিৰত জীৱৰ সন্ধানত চলোৱা অভিযানত বৃহস্পতি গ্ৰহৰ উপগ্ৰহ ইউৰোপাই আশাৰ বতৰা কঢ়িয়াই আনিছে৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ জেম্‌ছ ৱেব দূৰবীণে গ্ৰহটোত জীৱ থকাৰ সম্ভাৱনাৰ সম্ভেদ দিছে৷ ইউৰোপাৰ বৰফেৰে আবৃত্ত উপৰিভাগত কাৰ্বন-ডাইঅক্সাইডৰ সন্ধান পোৱা গৈছে৷ ইয়াৰ লগতে এই তথ্যও পোৱা গৈছে যে উপগ্ৰহটোত থকা এই কাৰ্বন-ডাই অক্সাইডৰ সৃষ্টি ইয়াত থকা মহাসাগৰসমুহৰ পৰা হৈছে, উল্কাপাত বা বাহিৰৰ উৎসৰ পৰা হোৱা নাই৷ ইয়াৰ অৰ্থ হ’ল ইউৰোপাৰ মহাসাগৰত জীন থকাৰ সম্ভাৱনা আছে৷ বিজ্ঞানীসকলে এই সন্দৰ্ভত অধিক গৱেষণাৰ প্ৰয়োজন আছে বুলি কোৱা হৈছে৷ নাছাই বৃহস্পতিৰ অন্যতম আটাইতকৈ ডাঙৰ উপগ্ৰহটোত অন্বেষণ চলাই আছে৷ ইউৰোপাৰ পৃষ্ঠৰ তলত খাৰুৱা পানীৰ এখন বিশাল সাগৰ থাকিবপাৰে বুলি কোৱা হৈছে৷ সেয়েহে উপগ্ৰহটোত অগ্ৰাধিকাৰ ভিত্তিক জীৱৰ সন্ধান কৰি থকা হৈছে৷ ইয়াৰ আগলৈকে এই সাগৰখনত জীৱ সৃষ্টিৰ বাবে প্ৰয়োজন হোৱা কাৰ্বন আছেনে নাই সেইটো নিশ্চিত হ’ব পৰা নাছিল৷ এই নতুন আৱিষ্কাৰে উপগ্ৰহটোৰ পৃষ্ঠভাগ আৰু ইয়াৰ তলত থকা সাগৰখনৰ সৈতে যোগসূত্ৰ থকাৰো ইংগিত পোৱা গৈছে৷ নাছাই এখন প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ইউৰোপাৰ তাৰা ৰেগিয়’ নামৰ স্থানত কাৰ্বন-ডাই-অক্সাইড সৰ্বাধিক পৰিমাণে পোৱা গৈছে৷ এই আৱিষ্কাৰে ইউৰোপাত জীৱৰ সন্ধানত চলাই থকা অন্বেষণে অধিক গুৰুত্ব লাভ কৰিলে৷ উল্লেখ্য যে নাছাই অহা বছৰ ইউৰোপা ক্লিপাৰ মিছন আৰম্ভ কৰিব৷ এই অভিযানে উপগ্ৰহটোত জীৱৰ সন্ধানত পুংখানুপংখভাৱে অন্বেষণ কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here