নাছাই আৱিষ্কাৰ কৰিলে৬টা নতুন গ্ৰহ

0
139


আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই ছটা নতুন গ্ৰহ আৱিষ্কাৰ কৰিছে৷ অৱশ্যে এই গ্ৰহ ছটা আমাৰ সৌৰজগতৰ নহয়৷ নাছাই ইতিমধ্যে আমাৰ সৌৰজগতৰ বাহিৰত প্ত,৫০২টা গ্ৰহ আৱিষ্কাৰ কৰিছে৷ এই তালিকাত এতিয়া নতুন ছটা গ্ৰহ সংযোজিত হৈছে৷ নতুনকৈ আৱিষ্কাৰ কৰা গ্ৰহকেইটাৰ নাম হ’ল ক্ৰমে এইচ ডি-৩৬৩৮৪ বি, টি অ’ আই ২০৯৫ বি, টি অ’ আই-২০৯৫ চি, টি অ’ আই-৪৮৬০ বি আৰু এম ডব্লিউ চি ৭৫৮ চি৷ এই গ্ৰহকেইটাৰ ভিতৰত পৃথিৱী সদৃশ তথা বৃহস্পতিৰ দৰে গ্ৰহো আছে৷ নাছাৰ মতে পৃথিৱী সদৃশ গ্ৰহত জীৱ থকাৰো সম্ভাৱনা আছে৷ এইচ ডি-৩৬৩৮৪-বি গ্ৰহটোৱে এটা সূৰ্যতকৈ প্ৰায় ৪০ গুণ ডাঙৰ এটা নক্ষত্ৰক পৰিভ্ৰমণ কৰি আছে৷ আনহাতে টি অ’ আই-১০৮ বি গ্ৰহটোৰ পৃষ্ঠভাগ শিলেৰে গঠিত বুলি অনুমান কৰা হৈছে৷ গ্ৰহটোৱে এটা বামন নক্ষত্ৰক পৰিভ্ৰমণ কৰি আছে আৰু ইয়াত জীৱৰ সম্ভাৱনাও নথকা নহয়৷ আনহাতে টি অ’ আই-২০৯৫ বি আৰু চি গ্ৰহ দুটা পৃথিৱী সদৃশ দুটা গৰম গ্ৰহ৷ গ্ৰহ দুটাই এটা বামন নক্ষত্ৰক পৰিভ্ৰমণ কৰি আছে৷ আনহাতে টি অ’ আই-৪৮৬০ বি বৃহস্পতিৰ সমান এটা গ্ৰহ আৰু এই গ্ৰহটোৱেও এটা বামন নক্ষত্ৰক পৰিভ্ৰমণ কৰি আছে৷ গ্ৰহটোক গৰম গেছেৰে আৱৰি থকা বুলি কোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here