নাকেৰে তেজ ওলোৱা বন্ধৰ কেইটামান ঘৰুৱা উপায়

0
89

গৰমৰ দিনত শিশুৰ প্ৰায়ে তেজ ওলোৱা দেখা যায়৷ ই তেনেই স্বাভাৱিক কথা৷ ইয়াক লৈ ভয় কৰাৰ কোনো প্ৰয়োজন নাই৷ শৰীৰত অধিক গৰম প্ৰৱেশ কৰাৰ ফলত নাইবা অধিক গৰম খাদ্য গ্ৰহণ কৰাৰ ফলতো শিশুৰ নাকৰ পৰা তেজ এলাব পাৰে৷ কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰি আপুনি ঘৰতে ইয়াৰ চিকিৎসা কৰাব পাৰে৷
নাকত বৰফ লগায়ো নাকৰ পৰা ওলোৱা তেজ বন্ধ কৰিব পাৰি৷ বৰফৰ ঠাণ্ডাই শৰীৰত তেজৰ কোহা বন্ধা আৰম্ভ কৰে৷ যাৰ ফলত তেজ বোৱা বন্ধ হয়৷ ইয়াৰ বাবে এখন কোমল টাৱেলত কেইটামান বৰফৰ টুকুৰা লৈ চাৰি-পাঁচ মিনিট লাহে লাহে অনা-নিয়া কৰিলে সুফল লাভ কৰিব৷
ভিনেগাৰত থকা এচিডে ৰক্তবাহিকা সংকুচিত কৰাত সহায় কৰে৷ যাৰ ফলত তেজ ওলোৱা বন্ধ হয়৷ ইয়াৰ বাবে এচামুচ Apple cider vinegarত কপাহ তিয়াই লৈ আঠ-দহ মিনিট সময় যিটো নাকেৰে তেজ ওলাইছে, সেইটো নাকত লগাওক৷
পিঁয়াজৰ ৰস উলিয়াই তাত কপাহ তিয়াই লৈ তিনি চাৰি মিনিট সময় তেজ ওলোৱা বিন্ধাটোত দি থওক৷ ইয়াৰ বাহিৰে আপুনি পিঁয়াজৰ টুকুৰাও নাকৰ বিন্ধাত ৰাখি আপোনাৰ শিশুটিক ইয়াৰ গোন্ধ ল’বলৈ দিব পাৰে৷ ইয়াৰ ফলতো তেজ ওলোৱা বন্ধ হয়৷
নেট্‌ল লিফ এবিধ প্ৰাকৃতিকভাৱে তেজ বন্ধ হোৱা উপাদান হয়৷ ইয়াৰ বাবে গৰম পানীত নেট্‌ল লিফকেইটামান উতলাই লৈ তাত কপাহ তিয়াই কপাহটো নাকত তেতিয়ালৈ তিয়াই থওক, যেতিয়ালৈ তেজ ওলোৱা বন্ধ নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here