নতুন ৰং আৱিষ্কাৰ কৰিলে বিজ্ঞানীয়ে

0
4

‘ওলো’ নামৰ নতুন এক ৰং আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে৷ এই ৰং আগতে কেতিয়াও দেখা পোৱা নাই বুলি দাবী কৰিছে বিজ্ঞানীয়ে৷ বিজ্ঞানীৰ তথ্য মতে স্বাভাৱিকতে এই ৰং দেখা নাযায়৷ এই ৰং চাবলৈ হ’লে চকুৰ ৰেটিনাত লেজাৰ লাইট লগাব লাগিব৷ শেহতীয়াভাৱে ছায়েন্স এডভান্সেছ সাময়িকীত নতুন এই ৰঙৰ তথ্য প্ৰকাশিত হৈছে৷ নতুন ৰং আৱিষ্কাৰৰ বিষয়ে যুক্তৰাষ্ট˜ৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলেৰ তড়িৎ প্ৰকৌশলী ৰেন এনজি কৈছে যে প্ৰথমৰ পৰাই ধাৰণা কৰা হৈছিল যে কোনো এটা অভূতপূৰ্ব ৰং দেখাৰ সৌভাগ্য হ’ব৷ নতুন ৰং সম্পৰ্কে ধাৰণা দিয়াৰ কাৰণে ফিৰোজা ৰঙৰ এটা বৰ্গক্ষেত্ৰৰ ছবি শ্বেয়াৰ কৰি বিজ্ঞানীয়ে জনাইছে যে আচলতে যি ৰং দেখা গৈছে, এই ৰং সাধাৰণভাৱে বুজিব পৰা নাযায়৷ এই বিষয়ে বিজ্ঞানী অষ্টিন ৰুৰ্দাই জানিবলৈ দিছে যে কোনো লেখা বা মনিটৰৰ নতুন ৰং বুজাটো সম্ভৱ নহয়৷ প্ৰকৃত কথা হৈছে এইটো সেই ৰং নহয়, যি আমি দেখিবলৈ পাওঁ৷ আমি যিবোৰ ৰং দেখা পাওঁ, তাৰ এটা ৰূপহে৷ বাস্তৱিকতে সকলোবোৰ ৰং ওলো নামৰ এই ৰঙৰ তুলনাত একেবাৰে পৃথক৷ সাধাৰণভাৱে যেতিয়া পোহৰ চকুৰ ৰেটিনাৰ কোণ নামক ৰং সংবেদনশীল কোষৰ ওপৰত পৰে, তেতিয়া মানুহৰ চকুত লাখ লাখ ৰঙৰ শেড বা বিভিন্ন ৰূপ পৃথককৈ পৰে৷ তিনিধৰণৰ কোণ কোষ আছে, যি পোহৰৰ দীৰ্ঘ, মাজাৰি কোণ আৰু সৰু তৰংগদৈৰ্ঘ্যৰ প্ৰতি সংবেদনশীল৷ ৰঙা পোহৰে দীৰ্ঘ কোণক উদ্দীপিত কৰে, নীলা পোহৰে সৰু কোণক সক্ৰিয় কৰে৷ যদিও কোনো প্ৰাকৃতিক পোহৰ ৰেটিনাৰ মাজত অৱস্থিত মাজাৰি কোণক উদ্দীপিত কৰিব নোৱাৰে৷ আনহাতে বিজ্ঞানীয়ে জানিবলৈ দিয়া মতে খুব চিগগিৰ কোনো স্মাৰ্টফোন , ডিছপ্লে বা টিভিত ওলো ৰং দেখা পোৱা নাযায়৷ ভিআৰ হেডছেট প্ৰযুক্তিৰ জৰিয়তে বহু দূৰত এই ৰঙৰ অৱস্থান৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here