নতুন জোতাই কাটিছে লওক এই ঘৰুৱা উপায়

0
43

নতুন জোতা-ছেণ্ডেল পিন্ধি এপাক ওলাই যোৱাৰ মজাই বেলেগ৷ পিছে পয়মাল তেতিয়াহে লাগে, যেতিয়া জোতাযোৰে ভৰিখন কাটি পুনৰ নতুন জোতাযোৰ পিন্ধিব নোৱৰাৰ সমস্যাৰ সৃষ্টি কৰে৷ এনে অৱস্থাত নতুন জোতা লাভ কৰাৰ আনন্দতকৈ ভৰিৰ যন্ত্ৰণাত জোতাযোৰলৈ বিতৃষ্ণাহে জাগে৷ সাধাৰণতে ভৰিৰ জোখতকৈ জোতাযোৰ ডাঙৰ বা সৰু হ’লে ভৰি কাটে৷ এনেদৰে ভৰি কাটিলে এণ্টিছেপটিক ক্ৰিম লগালে ঘা ভাল হৈ যায়৷ ইয়াৰ উপৰি আপুনি কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰি ক্ষতস্থানৰ ঘা শুকোৱা আৰু বিষ কমাব পাৰে৷
ভৰি কাটি ঘা হ’লে ক্ষতস্থানৰ জ্বলন কমাবলৈ এলোভেৰা লগাব লাগে৷
অলপ নাৰিকল তেল গৰম কৰি ঠাণ্ডা হোৱাৰ পাছত কপাহেৰে ক্ষতস্থানত লগালে বিষ কমে আৰু ঘা সোনকালে শুকায়৷
মৌত থকা এণ্টিইনফ্লেমেটৰি গুণে বিষ, ফুলা আদি কম কৰে৷ সেয়েহে ক্ষতস্থানত মৌ কপাহত তিয়াই লগালে আৰাম পোৱা যায়৷
জোতা-ছেণ্ডেলে কটাৰ ফলত হোৱা ঘাত নিমপাত আৰু হালধি পানীৰ লগত মিশ্ৰণ কৰি লগালেও সুফল পাব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here