নতুন জীৱন পালে প্ৰাচীন মিছৰীয় কফিনে

0
24

বহু বছৰ ধৰি সংস্কাৰ কাজ চলাৰ পাছত অৱশেষত উদ্ধাৰ হৈছে এক প্ৰাচীন মিছৰীয় কফিন৷ অনুমান কৰা মতে প্ৰত্নতাত্ত্বিক কফিনটো খ্ৰীষ্টপূৰ্ব ৬৫০ বছৰৰ, যাক লৈ কাৰ্ফিউ ইউনিভাৰছিটিত হাজাৰ হাজাৰ ঘণ্টা ধৰি সংস্কাৰৰ কাজ কৰাৰ পাছত এতিয়া সেইটো ঘূৰাই আনিছে ছ’য়ানছি ইউনিভাৰছিটিৰ ইজিপ্ত চেণ্টাৰে৷ কফিনটো মূলতঃ গ্ৰীক চহৰ থিবচৰ আনখপাখেৰেড নামৰ এজন ব্যক্তিৰ বাবে তৈয়াৰ কৰা হৈছিল, যি সংস্কাৰৰ পাছত চেণ্টাৰৰ কিউৰেটৰ ড॰ কেন গ্ৰিফিনৰ সতৰ্কতামূলক নজৰত ঘূৰাই অনা হৈছে৷ চেণ্টাৰৰ কৰ্মীয়ে এই প্ৰকল্পক কল্পনাতীত বুলি ব্যাখ্যা কৰিছে৷ ড॰ গ্ৰিফিনে কৈছে যে কফিনৰ আৰু অৱনতিৰ পৰা ইয়াক পৰিষ্কাৰ, পুনৰ্গঠিত আৰু সমন্বিত কৰা হৈছে৷ যাৰ বাবে ৰোমাঞ্চিত অনুভৱ কৰা গৈছে৷ ১৯৯৭ চনত ৱেলছৰ এবাষ্ট্ৰুইথ ইউনিভাৰছিটিৰ পৰা ইয়াক উপহাৰ হিচাপে পোৱা গৈছিল৷ আনকি ইয়াক এটা সময়ত ষ্ট’ৰেজ বক্স হিচাপেও ব্যৱহাৰ কৰা হৈছিল, যাৰ ভিতৰত অন্যান্য মিছৰীয় বস্তু সংৰক্ষণ কৰা হৈছিল৷ আনহাতে কফিনটো ঘূৰাই অনাৰ লগতে ইয়াৰ সাৱধানে খোলা অৱস্থাত ইয়াৰ ভিতৰত আছিল জাদুঘৰ ব্যৱস্থাপক ৱেল্ডি গুডৰিজ, যিখিনি কাৰ্ডিফ ইউনিভাৰছিটিৰ স্কুল অব হিষ্ট্ৰিআৰ্কিঅ’লজি এণ্ড ৰিলিজিয়ন বিভাগে কফিনটো আনিছিল৷ আনহাতে ইয়াৰ যিটো বেয়া অৱস্থা আছিল, তাৰ পৰা ইয়াক পুনৰুদ্ধাৰ কৰিব পাৰিব নে নাই, সেয়াও সন্দিহান আছিল৷ কিন্তু পাছত কঠোৰ পৰিশ্ৰমৰ ফলত খুব ভালদৰে পুনৰুদ্ধাৰ কৰা হৈছে৷ ইয়াৰ লগতে কাৰ্ডিফত থকা সময়ত বহু সংৰক্ষণ বিশেষজ্ঞ আৰু শিক্ষাৰ্থীয়ে কফিনটোৰ সংস্কাৰ কামত হাত দিছিল৷ ইউনিভাৰছিটিৰ জ্যেষ্ঠ সংৰক্ষক ফিল পাৰ্কচৰ ব্যাখ্যা অনুসৰি কাঠৰ কফিনটো কাপোৰৰ আৰু ইয়াৰ ওপৰত সজ্জিত প্লাষ্টাৰৰ এটা পাতল স্তৰ আছিল৷ বৰ্তমান মেৰামতি কৰা কফিনটো মিছৰীয় দেৱতাসকলৰ উজ্জ্বল ৰঙৰ চিত্ৰ আৰু পৰকালৰ বাৰ্তা বহন কৰা বিভিন্ন চিত্ৰলিপিৰ বৰ্ণমালাও স্পষ্টভাৱে দেখা যায়৷ যাৰ ফলত মিছৰ বিষয়ক প্ৰত্নতাত্ত্বিক তথা ইয়াৰ ইতিহাস ভালদৰে বুজাৰ সুযোগ পোৱা গৈছে৷ কফিনটো এতিয়া সংৰক্ষাণাগাৰত থাকিলেও পাছলৈ ইয়াক ইজিপ্ত চেণ্টাৰৰ হাউজ অব ডেথ গেলেৰীত প্ৰদৰ্শনৰ বাবে পৰিকল্পনা কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here