শেহতীয়াভাৱে নিউৰন জাৰ্নালত এক গৱেষণাপত্ৰ প্ৰকাশিত হৈছে৷ লিখা-পঢ়া আদিৰ দৰে মানৱ আচৰণ সম্পৰ্কীয় তথ্যবোৰ বিশে¡ষণ কৰি এই গৱেষণাৰ সৈতে জড়িত গৱেষকে দাবী কৰিছে যে মানুহৰ মস্কিষ্কৰ তথ্য প্ৰবাহৰ গতি প্ৰতি ছেকেণ্ডত মাত্ৰ ১০ বিট৷ ইয়াৰ বিপৰীতে সাধাৰণ ৱাই-ফাই কানেকশ্যন ইণ্টাৰনেটৰ তথ্য আদান-প্ৰদান গতি থাকে প্ৰতি ছেকেণ্ডত ৫০ বিট৷ প্ৰসংগতঃ কম্পিউটাৰৰ তথ্য প্ৰক্ৰিয়া আৰু সংৰক্ষণৰ ক্ষুদ্ৰতম একক হ’ল এক বিট৷ এই গৱেষণা-পত্ৰত অন্যতম লেখক, কেলিফৰ্নিয়া ইনষ্টিটিউট অব টেকন’লজিৰ স্নায়ুবিজ্ঞানী মাৰ্কাছ মেষ্টাৰ৷ তেওঁ জানিবলৈ দিয়া মতে প্ৰচলিত ধাৰণা অনুযায়ী মানুহৰ মস্তিষ্ক অত্যন্ত জটিল আৰু শক্তিশালী৷ কিন্তু এই ধাৰণা সঠিক নহয়৷ পৰিসংখ্যাৰ ফালৰ পৰা চালে দেখা যায় যে মানৱ মস্তিষ্ক আচলতে অবিশ্বাস্যভাৱে মন্থৰ৷ তদুপৰি দৃষ্টি, গোন্ধ তথা শব্দৰ দৰে ইন্দ্ৰিয়গ্ৰাহ্য তথ্য ক্ষিপ্ৰ তথা দ্ৰুত প্ৰক্ৰিয়াৰে সমাধান কৰিব পাৰে আমাৰ মস্তিষ্কই৷ আনহাতে গৱেষণা-পত্ৰত দাবী কৰা হৈছে যে সচেতনভাৱে কোনোৱে কিবা চিন্তা কৰাৰ সময়ত মানৱ মস্তিষ্কই যি গতিত তথ্য প্ৰক্ৰিয়া কৰে, তাৰ প্ৰায় দহ কোটি বেছি গতিত মস্তিষ্কই ইন্দ্ৰিয়গ্ৰাহ্য তথ্যাদি প্ৰক্ৰিয়া কৰে৷ অৰ্থাৎ, মানুহে একেবাৰে এবাৰত এটাতকৈ বেছি চিন্তা প্ৰক্ৰিয়া কৰিব নোৱাৰিলেও মানৱ দেহৰ সংবেদনশীল ব্যৱস্থাবোৰ তথ্য যিকোনো কম্পিউটাৰে এবাৰতে হাজাৰ হাজাৰ বিট তথ্য প্ৰক্ৰিয়া কৰিব পাৰে৷ মাৰ্কাছ মেষ্টাৰে কৈছে যে এই জটিল তথা ডাঙৰ সংঘাতৰ স্বীকাৰ কৰা নাই পেথ’লজিকেল ছায়েন্সে৷ গৱেষণা-পত্ৰত লগতে এইবুলিও কোৱা হৈছে যে মানৱ মস্তিষ্ক যিদৰে বিবৰ্তিত হৈছে, সম্ভৱতঃ তাৰ ফলতেই আমাৰ সচেতন চিন্তাৰ গতি এইবাবেই মন্থৰ৷