নতুন ‘এক্স ভাইৰাছ’কলৈ বিশেষজ্ঞৰ সতৰ্কবাণী

0
355


ক’ভিড মহামাৰীয় সমগ্ৰ বিশ্বকে কোঙা কৰি থৈ গৈছে৷ ক’ভিডৰ আতংক তথা ইয়াৰ প্ৰাদুৰ্ভাৱৰ ফলত বিশ্বৰ ধন-জনকে ধৰি অৰ্থনৈতিক অৱস্থা বেয়াৰ ফালে গতি কৰিছিল যদিও এতিয়া কিছু উন্নত হৈছে৷ তেনে সময়তে শেহতীয়াভাৱে ব্ৰিটেইনৰ এজন চিকিৎসক বিজ্ঞানীয়ে আন এটা ভয়ংকৰ বতৰা দিছে৷ ব্ৰিটেইন বিজ্ঞানীজনে দাবী কৰ অনুসৰি শেহতীয়াভাৱে ক’ভিডতকৈ ভয়াৱহ আন এক ভাইৰাছে গোটেই বিশ্বতে সংক্ৰমণ হোৱাৰ সম্ভাৱনা আছে৷ নতুনকৈ চিনাক্ত হোৱা এই এক্স নামৰ ভাইৰাছবিধ ইমানেই মাৰাত্মক যে ক’ভিডতকৈ ইয়াৰ সংক্ৰমণ ক্ষমতা কেইবাগুণ বেছি আৰু ক’ভিডতকৈ ২০ গুণ ভয়াৱহ৷ এতিয়া এই এক্স ভাইৰাছক লৈ বিজ্ঞানী মহলে সতৰ্কতা জাৰি কৰিছে৷ অনাগত সময়ত যদি এই ভাইৰাছ নিয়ন্ত্ৰণ কৰিব পৰা নাযায়, তেন্তে এই নতুন ভাইৰাছে পাঁচ কোটিৰো অধিক লোকৰ প্ৰাণ লোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বিজ্ঞানীয়ে৷ উল্লেখ্য যে এই নতুন ভাইৰাছবিধ ১৯১৮-১৯২০ চনত দেখা দিয়া ভয়াৱহ স্পেনিছ ফ্লুৰ সমানেই সংক্ৰামক বুলিও গৱেষকে সদৰী কৰিছে৷ আনহাতে জানিব পৰা মতে এই ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ প্ৰতিৰোধ হিচাপে ব্ৰিটেইনৰ স্বাস্থ্য সুৰক্ষা বিভাগে ভেকচিন প্ৰস্তুতৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ ব্ৰিটেইনৰ স্বাস্থ্য সুৰক্ষা সংস্থাৰ অধ্যাপক ডেম জেনী হেৰিজে জনোৱা মতে জলবায়ু পৰিৱৰ্তন তথা জনসংখ্যা বৃদ্ধিৰ দৰে পৰিঘটনাবোৰৰ বাবেই বিশ্বতে এনেধৰণৰ মহামাৰীৰ সংক্ৰমণ তথা সংখ্যা বৃদ্ধি পাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here