নখ বেঁকা হৈ আগলৈ হাউলি গৈছে নেপথ্যত থাকিব পাৰে আন কাৰণ

0
1

নখৰ ৰং, আকাৰ-আকৃতি কেৱল সাজসজ্জাৰ অংগ নহয়, বৰং নখৰ ৰং, আকৃতি সলনি আদিয়ে দেহৰ ভিতৰৰ অৱস্থাৰ ইংগিত দিয়ে৷ সেয়ে ভৰি অথবা হাতৰ নখৰ স্বাস্থ্যৰ দিশে নম দিয়া দৰকাৰ৷ নখৰ কিছু অস্বাভাৱিক পৰিৱৰ্তন দেখিলেই চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷ অৱশ্যে ভয় খোৱাৰ বা আতংকিত হোৱাৰ প্ৰয়োজন নাই৷ বিশেষকৈ যিসকলৰ নেইল ক্লাবিঙৰ দৰে সমস্যাই দেখা দিয়ে৷
নেইল ক্লাবিং অৱস্থাত নখৰ কোণ, চাৰিওকাষ ফুলি ওখ হৈ উঠে৷ নখটো তলৰ ফালে বেঁকা হৈ গৈ চামৰাৰ দৰে আকৃতি ধাৰণ কৰে৷ নখ বা নখৰ ওচৰত কিছুমান স্পষ্ট পৰিৱৰ্তন দেখা যায়৷ যেনে– নখ বৃত্তাকাৰ হৈ যোৱা, নখ আৰু ছালৰ মাজত ফাক বাঢ়ি যোৱা, নখ তলৰ ফালে বেঁকা হৈ যোৱা, নখৰ তলৰ মাংস অংশৰ পৰা নখ বাঢ়ি অহাৰ দৰে ধাৰণা হোৱা, নখৰ চাৰিওফালে নৰম হৈ অহা, আঙুলিৰ গাঁঠি ফুলি যোৱা, ছালৰ ৰং সলনি হোৱা আদি৷ হাত বা ভৰিৰ আঙুলিৰ নখৰ ক্লাবিং বিভিন্ন সময়ত গুৰুতৰ ৰোগৰ ইংগিত দিব পাৰে৷ কাৰণ ক্লাবিঙৰ অন্তৰালত যি ৰোগ হ’ব পাৰে সেইবোৰ ৰোগ সহজে ধৰা নপৰে বাবে ৰোগ চিনাক্তকৰণত পলম হৈ পাছলৈ ভয়ানক ক্ষতি কৰিব পাৰে৷ ইয়াৰ ফলত ছায়ানোটিক হাৰ্ট ডিজিজ অৰ্থাৎ বিভিন্ন ধৰণৰ গুৰুতৰ হাৰ্টৰ সমস্যা হ’ব পাৰে৷ বেছিভাগ ক্ষেত্ৰত জিনগত কাৰণত এই ৰোগ হ’ব পাৰে, যিয়ে শ্বাসযন্ত্ৰ আৰু পাচনতন্ত্ৰক প্ৰভাৱিত কৰে৷ হঁাওফাঁওৰ কেঞ্চাৰৰ উপৰি হাঁওফাঁওৰ দীৰ্ঘস্থায়ী অক্সিজেনৰ নাটনি, দীৰ্ঘম্যাদী প্ৰদাহ বা সংক্ৰমণ ধৰা পৰিব পাৰিলে নখৰ ক্লাবিং দেখা যায়৷ ব্ৰকিংয়েকটাছিছৰ দৰে হঁাওফাঁওৰ সমস্যাৰ উপসৰ্গ হ’ব পাৰে নখৰ ক্লাবিং৷ বিনাইন মেছোথেলিওমা ৰোগত আক্ৰান্ত হ’ব পাৰে৷ নিউৰোজেনিক টিউমাৰৰ উপসৰ্গও হ’ব পাৰে ইয়াৰ ফলত৷ স্নায়ুতন্ত্ৰৰ কোষৰ পৰা উৎপন্ন হয় এই টিউমাৰ৷ ইয়াৰ বাবে পাচনতন্ত্ৰৰ প্ৰদানজনিত দীৰ্ঘকালীন সমস্যাৰ সৃষ্টি হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here