মহাকাশত কোনো নক্ষত্ৰৰ বিস্ফোৰণে পৃথিৱীৰ দৰে গ্ৰহৰ বাবে নতুন সংকটৰ সৃষ্টি কৰিব পাৰে৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই এই কথা প্ৰকাশ কৰিছে৷ নাছাৰ জ্যোতিৰ্বিদসকলে চন্দ্ৰা এক্সৰে দূৰবীণ আৰু আন দূৰবীণৰ জৰিয়তে সংগ্ৰহ কৰা তথ্য বিশ্লেষণ কৰি পৃথিৱীৰ বাবে নতুন বিপদৰ বিষয়ে জানিব পাৰিছে৷ জ্যোতিৰ্বিদসকলে জানিব পাৰিছে যে এক নিৰ্দিষ্ট পৰ্যায়ত নক্ষত্ৰৰ বিস্ফোৰণৰ ফলত নিৰ্গত হোৱা এক্স-ৰেই ইয়াৰ পৰা ১০০ আলোক বৰ্ষ দূৰৈত থকা গ্ৰহক প্ৰভাৱিত কৰিব পাৰে৷ আমাৰ সৌৰজগতৰ বাহিৰৰ আন কোনো সৌৰ প্ৰণালীত থকা গ্ৰহ আৰু ইয়াত জীৱৰ উপস্থিতিৰ বিষয়ে কৰা অধ্যয়নত এই অধ্যয়নে গুৰুত্বপূৰ্ণ তথ্যৰ যোগান ধৰিব বুলি আশা কৰা হৈছে৷ নাছাৰ জ্যোতিৰ্বিদসকলে ৩১টা নক্ষত্ৰৰ অভ্যন্তৰীণ বিস্ফোৰণ আৰু ইয়াৰ পাছত নিৰ্গত হোৱা এক্স-ৰেৰ তথ্য অধ্যয়ন কৰিছিল৷ এই অধ্যয়নটো কৰা হৈছিল নাছাৰ চন্দ্ৰা এক্স-ৰে টেলিস্কোপ, ছুইফ্ট আৰু এনইউষ্টাৰ অভিযানৰ লগতে ইউৰোপিয়ান স্পেচ এজেঞ্চিৰএক্স এম এম-নিউটনৰ পৰা পোৱা তথ্যক লৈ৷ ইয়াৰ পৰা এই কথাও জানিব পৰা হয় যে প্ৰায় ১৬০ আলোক বৰ্ষ দূৰৈত থকা গ্ৰহকো নক্ষত্ৰ বিস্ফোৰণৰ ফলত নিৰ্গত হোৱা এক্স-ৰেই প্ৰভাৱিত কৰিব পাৰে৷ নাছাই প্ৰকাশ কৰা অনুসৰি নক্ষত্ৰৰ বিস্ফোৰণৰ ফলত বৃহৎ হাৰত বিকিৰিত হোৱা এক্স-ৰেই কাষত থকা গ্ৰহৰ বায়ুমণ্ডলৰ গাঁথনিত গুৰুত্বপূৰ্ণ সালসলনি ঘটাব পাৰে৷ পৃথিৱীৰ দৰে গ্ৰহৰ ইয়াৰ ফলত অ’জনৰ মাত্ৰা বৃহৎ পৰিমাণে হ্ৰাস কৰিব পাৰে৷ উল্লেখ্য যে পৃথিৱীৰ বায়ুমণ্ডলৰ অ’জন তৰপে সূৰ্যৰ পৰা বিকিৰিত হোৱা অতি বেঙুনীয়া ৰশ্মিক পৃথিবীলৈ অহাত বাধা দিয়ে৷ ইয়াৰ লগতে বৃহৎসংখ্যক জীৱ বিলুপ্ত হৈ পৰিব পাৰে৷ অৱশ্যে নক্ষত্ৰৰ বিস্ফোৰণে বৰ্তমান অৱস্থাত পৃথিৱীৰ বিশেষ ক্ষতি কৰিব নোৱাৰে বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে, কিন্তু আমাৰ হাতীপটি তাৰকা ৰাজ্যৰ ভিতৰত কোনো নক্ষত্ৰৰ বিস্ফোৰণ হ’লে ই পৃথিৱীৰ বাবে বিপদ মাতি অনাৰ সম্ভাৱনা আছে৷