ধৰ্ম নমনা লোকৰ সংখ্যাদ্ৰুততৰ বাঢ়িছে আমেৰিকাত

0
275


আমেৰিকাত যোৱা এটা দশকত কোনো ধৰ্ম নমনা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ দেশখনত বৰ্তমান কোনো ধৰ্ম নমনা লোকৰ সংখ্যা এক-তৃতীয়াংশতকৈ অধিক হৈছেগৈ৷ পিউ ৰিছাৰ্চ চেণ্টাৰে প্ৰকাশ কৰা শেহতীয়া এখন প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে৷ প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি আমেৰিকাৰ ২৮% লোকে কোনো ধৰ্ম নামানে৷ যোৱা শতিকাৰ নব্বৈ দশকত আমেৰিকাত খ্ৰীষ্টান ধৰ্ম মানি চলা লোকৰ হাৰ আছিল ৯০%৷ পিউ ৰিছাৰ্চে চলোৱা শেহতীয়া এটা অধ্যয়নত এই বুলি প্ৰকাশ পাইছে যে দেশখনৰ ২৮% লোকে নিজকে কোনো ধৰ্মৰ সৈতে জড়িত নহয় বুলি প্ৰকাশ কৰিছে আৰু নিজকে ‘নন’ শাখাত বাছনি কৰিছে৷ এই শাখাত নাষ্টিক আৰু অজ্ঞেয়বাদীসকলকো [যিকোনো ধৰ্ম বা ভগৱানৰ প্ৰতি আস্থা নাৰাখে] ধৰা হয়৷ অধ্যয়নটোত অংশগ্ৰহণ কৰা লোকসকলৰ ভিতৰত ২৮%ই কোনো ধৰ্ম নামানে বুলি প্ৰকাশ কৰে, ১৭%ই নিজকে নাষ্টিক বুলি কয় আৰু ২০% লোকে নিজেক অজ্ঞেয়বাদী বুলি কয়৷ আনহাতে, ৬৩% লোকে কয় যে তেওঁলোকৰ কোনো এটা বস্তুৰ প্ৰতি ভৰসা নাই৷ অধ্যয়নটোত প্ৰকাশ পোৱা মতে, কোনো ধৰ্মৰ প্ৰতি আস্থা নৰখা লোকসকলৰ ৪৩%ই এই বুলি মত প্ৰকাশ কৰে যে ধৰ্মই সমাজক সহায় কৰাৰ পৰিৱৰ্তে ক্ষতিহে কৰিছে৷ ১৪%ৰ মতে, ধৰ্ম সমাজৰ কাৰণে ভাল৷ ৪১%ৰ মতে ধৰ্ম সমাজৰ কাৰণে ভালো নহয়, বেয়াও নহয়৷ যিসকলে কোনো ধৰ্ম নামানে বুলি প্ৰকাশ কৰিছে তেওঁলোকে ইয়াৰ সপক্ষে তিনিটা কাৰণ আগবঢ়াইছে৷ তেওঁলোকে ধৰ্মীয় শিক্ষাৰ প্ৰতি প্ৰশ্নৰ অৱতাৰণা কৰিছে, ইয়াৰ লগতে ধৰ্মীয় সংগঠনৰ প্ৰতি তেওঁলোকৰ ঘৃণাৰ ভাব আৰু তৃতীয়তে জীৱনত ধৰ্মৰ প্ৰয়োজনীয়তা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here