ধনিয়াৰ চমৎকাৰিতা

0
1593

আমাৰ খাদ্য তালিকাত ব্যৱহৃত বনশাকসমূহৰ ভিতৰত ধনিয়া অন্যতম৷ ধনিয়া সাধাৰণতে শীতকালত হোৱা এবিধ শাক৷ সকলো ধৰণৰ ব্যঞ্জনতে ইয়াক ব্যৱহাৰ কৰা হয়৷ ধনিয়াৰ শুকান গুটিৰ লগতে ইয়াৰ পাত মছলা হিচাপে ব্যৱহাৰ কৰে৷ ই যে অকল সোৱাদবিশিষ্ট তেনে নহয়, ইয়াৰ আছে অনেক ঔষধি গুণ৷ ইয়াৰ গা-গছ প্ৰায় ৫০ চেঃমিঃপৰ্যন্ত ওখ হয়৷ ইয়াৰ বৈজ্ঞানিক নাম কৰেন্দ্ৰম ছেটিভাম (Coriandrum sativum)৷ ডায়েবেটিছ ৰোগীৰ বাবে ধনিয়া শাক বৰ উপকাৰী, কিয়নো ইয়াত থকা উপাদানবোৰে শৰীৰত ইনছুলিনৰ ভাৰসাম্যতা বজাই ৰাখে, যিয়ে ছুগাৰ নিয়ন্ত্ৰণ কৰে৷ ধনিয়া পাতত থকা আইৰনে ৰক্তহীনতাৰ সমস্যা দূৰ কৰে৷ ইয়াৰ নিয়মিত সেৱনে বৃদ্ধাৱস্থাত হোৱা এলজেইমাৰ ৰোগৰ সম্ভাৱনা কমায়৷ ধনিয়াই তেজত কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে৷ ইয়াৰ সেৱনৰ ফলত শৰীৰৰ অলাগতিয়াল টক্সিনবোৰ নোহোৱা হয়৷ যকৃত সক্ৰিয় কৰি ৰখাৰ লগতে পাচন আৰু হজম শক্তি বৃদ্ধি কৰাত ধনিয়া পাতে মুখ্য ভূমিকা গ্ৰহণ কৰে৷ ইয়াত থকা এণ্টিঅক্সিডেণ্টৰ উপাদানে ছাল সুন্দৰ কৰাৰ লগতে বিভিন্ন ধৰণৰ চৰ্মৰোগৰ সম্ভাৱনা কম কৰে৷ প্ৰতিদিনে এগিলাচ ধনিয়া পাতৰ জুচ খোৱাটো বৃক্কৰ বাবে অতি উপকাৰী৷ ধনিয়া পাতত লিন’লিক নামৰ এবিধ এচিড থাকে, যিয়ে শৰীৰৰ বিষ কমোৱাত সহায় কৰে৷ সেয়েহে এনে এবিধ ঔষধিগুণসম্পন্ন বনশাক খাই শৰীৰ সুস্থ আৰু নিৰোগী কৰো আহক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here