দোকানত মালাৰ দৰে ৰখা এইবিধ ফলে যৌনশক্তি বৃদ্ধি কৰে

0
77

বিশেষকৈ বৰ্ষাকালত মানুহে ঠাণ্ডা লগা, ভাইৰেল জ্বৰ হোৱা আদি বিভিন্ন ৰোগত আক্ৰান্ত হয়৷ এই ৰোগবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ আয়ুৰ্বেদত এই ফলবিধৰ গুৰুত্ব যথেষ্ট আছে৷ ফল-মূলৰ দোকানত মালাৰ দৰে লগাই থোৱা এই ড্ৰাই ফ্ৰুইটছবিধ কি আৰু কি কি ৰোগৰ পৰা বচাই ৰাখিব পাৰে জানো আহক৷
মালাৰ দৰে গোঁথা থকা এইবিধ ফল হ’ল আঞ্জিৰ ফিগ বা ডুমৰু৷ এই ফলবিধ বৰ্ষাকালত বেছিকৈ পোৱা যায়৷ কাজু, পেষ্টাৰ পৰিৱৰ্তে এই ফলবিধৰ গুণাগুণৰ কথা মানুহে মনতে নাৰাখে, অৰ্থাৎ মানুহে অনাদৰ কৰা এই ফিগৰ আছে আপুনি আচৰিত হ’ব পৰা বিশেষ বৈশিষ্ট্য তথা গুণাগুণ৷ যি গুণৰ বিষয়ে আমি আপোনালোকক জনাবলৈ বিচাৰিছোঁ৷
বিশেষজ্ঞই জনোৱা মতে এই আঞ্জিৰ ফিগ বা ডুমৰুত আইৰন, কেলচিয়াম, পটাচিয়াম তথা অন্যান্য গুৰুত্বপূৰ্ণ ভিটামিন পোৱা যায়৷ ইয়াত থকা পুষ্টিকৰ উপাদানে শৰীৰৰ শক্তি আৰু পুষ্টিৰ যোগান ধৰে৷ ইয়াৰ উপৰি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত ডুমৰুৱে সহায় কৰে৷ ফিগত প্ৰচুৰ পৰিমাণে ফাইবাৰ সমৃদ্ধ হোৱা বাবে পৰিপাকতন্ত্ৰ সুস্থ ৰখাত সহায় কৰে তথা কোষ্ঠকাঠিন্য, বদহজম আদিৰ দৰে সমস্যা সহজে সমাধান কৰিব পাৰে৷ এই ড্ৰাই ফ্ৰুইটছত থকা এণ্টিঅক্সিডেণ্ট আৰু খনিজ উপাদানে সংক্ৰমণজনিত সমস্যাৰ পৰা শৰীৰত ৰক্ষা কৰিব পাৰে৷ আনহাতে ছালৰ স্বাস্থ্যৰ কাৰণে ফিগ ফলবিধ যথেষ্ট উপকাৰী৷ ছালখন হাইড্ৰেট কৰি ৰখাত তথা ছালৰ উজ্জ্বলতা বৃদ্ধিত ডুমৰুৱে যথেষ্ট অৰিহণা যোগায়৷ হাৰ্টৰ স্বাস্থ্যৰ বাবে ফিগ অত্যন্ত উপকাৰী৷ ইয়াত থকা ওমেগা থ্ৰী ফেটি এচিড তথা ওমেগা ৬ ফেটি এচিডে কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷ যাৰ ফলত হূদৰোগ হোৱাৰ সম্ভাৱনা কমি থাকে৷ ডুমৰুত প্ৰচুৰ পৰিমাণে জিংক থাকে আৰু এই জিংকৰ দৰে উপকাৰী উপাদানে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা বা স্পাৰ্ম কাউণ্ট বঢ়োৱাত সহায় কৰে৷ যিসকলে পুৰুষত্বহীনতাত ভুগিছে, তেওঁলোকে এই ফল নিয়মিতভাৱে খালে যথেষ্ট সুফল লাভ কৰিব৷ এই ফলত পোৱা জিংকৰ দৰে প্ৰয়োজনীয় উপাদানে পুৰুষৰ দেহত টেষ্টোষ্টেৰন হৰমনৰ মাত্ৰা বৃদ্ধি কৰে৷ ফলত পুৰুষৰ যৌন ক্ষমতাও বৃদ্ধি হয়৷ ইয়াৰ বাবে ৰাতি গাখীৰৰ সৈতে ডুমৰু ফল খালে পুৰুষৰ যৌনশক্তিৰ কাৰণে যথেষ্ট উপকাৰী৷ আনহাতে বহু গৱেষণাত পোৱা গৈছে যে প্ৰ’ষ্টেট গ্ৰন্থিক সুস্থ কৰি ৰাখিবলৈ ডুমৰু ফল যথেষ্ট কাৰ্যকৰী৷ অনিদ্ৰাৰ সমস্যা দূৰ কৰা তথা টোপনি উন্নত কৰিবলৈ নিয়মিত ফিগ খালে সুফল পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here