দৈৰ উপকাৰিতাৰ বিষয়ে জানো আহক

0
1419


দৈৰ লগত অসমীয়া সমাজৰ চিনাকি পুৰণিকলীয়া৷ দৈ হৈছে গাখীৰৰ পৰা উৎপন্ন এবিধ দ্ৰব্য৷ গাখীৰৰ ৰাসায়নিক পৰিৱৰ্তন ঘটি গোট মৰা ৰূপটোকে দৈ বুলি কোৱা হয়৷ জনা গৈছে যে দৈ গাখীৰতকৈও বেছি উপকাৰী৷ দৈ স্বাস্থ্য আৰু সৌন্দৰ্য উভয়ৰ বাবে খুব ভাল৷ সতেজ দৈত প্ৰচুৰ পুষ্টি পোৱা যায়, যি আমাৰ দেহৰ বাবে উপকাৰী৷ অসমীয়া লোকে জলপান যেনে– বৰা চাউল, কোমল চাউল, চিৰা, মুড়ি, ভজা চাউল, পিঠাগুড়ি আদিৰ লগত দৈ মিহলাই খায়৷ ঠাইভেদে গৰু, ছাগলী, ম’হ, ভেড়া, উট, য়াক আদি জন্তুৰ পৰাই দৈ প্ৰস্তুত কৰা হয়৷ ম’হৰ গাখীৰৰ দৈৰ সোৱাদেই সুকীয়া৷ ইয়াৰ নিয়মিত সেৱনে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ বয়সিয়াল লোকৰ বাবে দৈ বিশেষভাৱে উপকাৰী৷ চিকিৎসকসকলে দুপৰীয়াৰ খাদ্যৰ তালিকাত এবাটি দৈ অন্তৰ্ভুক্ত কৰিব লাগে বুলি পৰামৰ্শ দিছে৷ দৈত প্ৰ’টিন আৰু কেলচিয়াম প্ৰচুৰ পৰিমাণে থাকে, যিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰে৷ দৈৰ কেলচিয়াম আৰু লেষ্টি˜ক এচিডে গাৰ ছালৰ কোমলতা বৃদ্ধি কৰাত অৱদান যোগায়৷ দৈৰ সৈতে নিমৰ পাত মিহিকৈ পিহি ছালৰ ৰোগ, খৰ আদিত লগালে সুফল পোৱা যায়৷ টেঙা দৈৰে মূৰ ধুলে মূৰৰ উফি নাইকিয়া হয়৷ বৃদ্ধাৱস্থাত প্ৰতিদিনে কমেও ১৫০ মিঃগ্ৰাঃকৈ দৈ সেৱন কৰিলে দেহৰ এণ্টিবডীৰ বৃদ্ধি ঘটে৷ আয়ুৰ্বেদ শাস্ত্ৰৰ মতে দৈৰ লগত জালুক মিহলাই চুলি ধুলে চুলি ঘন, কোমল আৰু অধিক ক’লা হয়৷ চেনিৰ সৈতে দৈ খালে উপকাৰিতাৰ মাত্ৰা হ্ৰাস পায়৷ সেয়ে দৈ সদায় নিমখৰ সৈতে খোৱাটো ভাল৷ ৰাতিৰ ভাগত দৈ খালে হজম নহয়৷ মূৰৰ বিষ, ৰক্তপিত্ত আদি ৰোগত ভোগা ব্যক্তিয়ে দৈ খাব নালাগে৷ সেয়ে আহক, এনে এবিধ উপকাৰী খাদ্য দ্ৰব্য নিয়মিতভাৱে আমাৰ খাদ্য তালিকাত ৰাখি শাৰীৰিক সুস্থতা বৰ্তাই ৰাখো৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here