দৈনিক ৩৯৬৭ খোজমানুহৰ সু-স্বাস্থ্যৰ বাবে পৰ্যাপ্ত

0
896


খোজকঢ়াটো মানুহৰ স্বাস্থ্যৰ কাৰণে উপকাৰী বুলি প্ৰায় সকলোৱে জানে৷ নিয়মীয়াকৈ খোজকাঢ়িলে হৃদৰোগ, উচ্চ ৰক্তচাপ, মেদবহুলতা, বহুমূত্ৰ ৰোগৰ পৰা হাত সাৰি থকাত সহায় হোৱাৰ উপৰি মাংসপেশী, হাড় আদিকো সুস্থ-সবল কৰি ৰাখে৷ কিন্তু আমি দৈনিক কিমান খোজকঢ়া উচিত– এটা নতুন অধ্যয়নে এই প্ৰশ্নৰ উত্তৰ দিছে৷ ইউৰোপিয়ান জাৰ্নেল অব্‌ প্ৰিভেণ্টিভ কাৰ্ডিঅ’লজিত এই অধ্যয়নৰ প্ৰতিবেদন প্ৰকাশ পাইছে৷ প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি প্ৰায় ২,২৬,৮৮৯জন লোকক লৈ এই অধ্যয়নটো কৰা হৈছিল৷ এই অধ্যয়নটোৱে এই ধাৰণাকো সলনি কৰি দিছে যে দৈনিক প্ৰায় দহ হাজাৰ খোজ স্বাস্থ্যৰ বাবে উপকাৰী৷ অধ্যয়নটোৰ মতে, মানুহে সু-স্বাস্থ্য অটুট ৰখাৰ বাবে আনকি পাঁচ হাজাৰ খোজৰো প্ৰয়োজন নাই৷ ইয়াত উল্লেখ কৰা অনুসৰি দৈনিক ৩৯৬৭ খোজ মানুহৰ সু-স্বাস্থ্যৰ বাবে পৰ্যাপ্ত৷ ইমানখিনি খোজকাঢ়িলেই স্বাস্থ্যজনিত কাৰণত হোৱা মৃত্যুৰ আশংকা হ্ৰাস কৰিব পাৰিব৷ আনহাতে দৈনিক ২৩৩৭ খোজকাঢ়িলে হৃৎপিণ্ডৰ ৰক্ত প্ৰৱাহৰ সৈতে ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷ এই অধ্যয়নটো কৰা গৱেষকৰ দলটোক নেতৃত্ব দিয়া লীড্‌ছ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক মেকিজ বনাচে কয় যে মানুহে যিমানেই খোজকাঢ়িব সিমানেই উপকাৰী৷ কিন্তু তেওঁলোকে অধ্যয়নটোৰ পৰা জানিব পৰা মতে, দৈনিক কমেও এহেজাৰ খোজকাঢ়িলে মৃত্যুৰ হাৰ ১৫ শতাংশ হ্ৰাস কৰিব পাৰি৷ ইয়াৰ লগতে এই কথাও কোৱা হৈছে যে খোজকঢ়াৰ উপকাৰিতাৰ সৈতে বয়স, লিংগ বা থকা স্থানৰ কোনো সম্পৰ্ক নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here