দৈনিক আদা খালে কি হয়?

0
2491

বিভিন্ন সময়ত বিভিন্ন মছলাৰ উপকাৰিতাৰ বিষয়ে আমি আলোচনা কৰি আহিছোঁ৷ বিশেষকৈ খাদ্যৰ সোৱাদ বৃদ্ধিৰ ক্ষেত্ৰত বিভিন্ন মছলা ব্যৱহাৰ কৰা হয়৷ এই মছলাসমূহৰ ভিতৰত কিছুসংখ্যক মছলা আমাৰ শৰীৰৰ কাৰণে উপকাৰী৷ তেনে এবিধ উপকাৰী মছলা হৈছে আদা৷

আদাত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে৷ ইয়াৰ দৈনিক সেৱনে আপোনাৰ শৰীৰৰ অনেক সমস্যা দূৰ কৰাত সহায় কৰে৷ ইয়াৰ লগতে–

(১) দৈনিক আদা সেৱনে কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে৷


(২) আদা সেৱনে বদহজম, গেছ, এচিডিটি আদিৰ লগতে বমি ভাব দূৰ কৰে৷


(৩) দৈনিক আদা সেৱনে গাৰ বিষ, গাঁঠিৰ বিষ নাইকিয়া কৰে৷ এটা অধ্যয়নৰ পৰা জানিব পৰা গৈছে যিসকল লোকে Elbow Exercise কৰে, তেওঁলোকে ১১ দিনৰ কাৰণে গ্ৰাম আদা গ্ৰহণ কৰে৷ যাৰ ফলত তেওঁলোকৰ মাংসপেশীৰ বিষৰ উপশম ঘটে৷


(৪) মহিলাৰ মাহেকীয়া পেটৰ বিষৰ কাৰণে আদা সেৱন কৰক৷


(৫) দৈনিক আদা সেৱনে আপোনাৰ শৰীৰত মেটাবলিজম বৃদ্ধি কৰি ওজন হ্ৰাসত অৰিহণা যোগায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here