দৈনিক অংকুৰিত মগু খালে পাব আচৰিত লাভ

0
173

মগু বা বুট পানীত তিয়াই থৈ পাছত পানীৰ পৰা উঠাই বাচন এটা ৰাখিলেই তাৰ পৰা গজালি বাহিৰ হয়৷ এইধৰণে গজালি ওলোৱা মগু স্বাস্থ্যৰ কাৰণে বিৰাট উপকাৰী৷ পুষ্টিবিদে কোৱা মতে অংকুৰিত মগু নানা পুষ্টিগুণেৰে সমৃদ্ধ তথা গুণবিশিষ্ট৷ তিয়াই থোৱা বাদামৰ সৈতে নিয়মিতভাৱে এবাটি গজালি ওলোৱা মগু খালে বিভিন্ন ৰোগৰ পৰা শৰীৰটো ৰক্ষা কৰাৰ লগতে আপুনি পাব আচৰিত লাভ৷
অংকুৰিত মগুৰ বীজত প্ৰ’টিন যথেষ্ট পৰিমাণে পোৱা যায়৷ যিয়ে হজম শক্তি উন্নত কৰি ৰাখে৷ মগুৰ পৰা গজালি ওলালে প্ৰ’টিন তথা কাৰ্বহাইড্ৰেট সহজপাচ্য হৈ উঠে৷ যাৰ ফলত গেছ, পেট ফুলা আদি সমস্যা সমাধান কৰিব পাৰে৷ জাৰ্নাল অব এগ্ৰিকালচাৰ এণ্ড ফুড কেমেষ্ট্ৰিত প্ৰকাশিত এটা গৱেষণাত কোৱা হৈছে যে অংকুৰিত মগু খালে হজম সহায়ক উৎসেচকবোৰৰ ক্ষৰণ বাঢ়ি যায়৷
যিসকলে শৰীৰৰ ওজন কমাবলৈ ডায়েট মানি চলে, তেওঁলোকে নিয়মিতভাৱে গজালি ওলোৱা মগু খোৱাৰ অভ্যাস কৰিব পাৰে৷ মগুত ফাইবাৰৰ পৰিমাণ যথেষ্ট থাকে৷ সেয়ে অংকুৰিত মগু খালে বহু সময় ধৰি ভোক নলগাকৈ পেট ভৰ্তি থাকে৷ আমেৰিকাৰ জাৰ্নাল অব ক্লিনিকেল নিফট্ৰিশ্যনত প্ৰকাশিত গৱেষণাত কোৱা হৈছে যে ফাইবাৰযুক্ত খাদ্যই অন্ত্ৰৰ কাম-কাজ ভালে ৰখাত সহায় কৰে৷ যাৰ ফলত বিপাক ক্ৰিয়া উন্নত হয়৷
অংকুৰিত মগুত এণ্টিঅক্সিডেণ্ট, পটাচিয়াম তথা মেগনেচিয়ামৰ দৰে উপাদান থাকে, যিয়ে উচ্চ ৰক্তচাপ, কলেষ্টৰেল তথা কাৰ্ডিঅ’ভাস্কুলাৰ ৰোগ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷ জাৰ্নাল অব ফুড ছায়েঞ্চ এণ্ড টেকনলজিত প্ৰকাশিত গৱেষণা মতে অংকুৰিত মগুই অক্সিডেটিভ ষ্টে˜চ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷
গজালি ওলোৱা মগুৰ গ্লাইছেনিক ইনডেক্স কম৷ আনহাতে ফাইবাৰৰ পৰিমাণ যথেষ্ট বেছি থাকে৷ জাৰ্নাল অব নিউট্ৰিশ্যন এণ্ড মেটাবলিজমত প্ৰকাশিত গৱেষণা মতে বিপাকৰ হাৰ বঢ়াই তোলা তথা টাইপ-২ ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখাত অংকুৰিত মগু যথেষ্ট কাৰ্যকৰী৷
অংকুৰিত মগু এণ্টিঅক্সিডেণ্টৰ উৎস৷ ফ্লেভেনয়ড তথা পলিফেনলৰ দৰে যৌগ ইয়াত পোৱা যায়৷ জাৰ্নাল ফৰ ডাৰ্মাটোলডিকেল ছায়েঞ্চত প্ৰকাশিত গৱেষণা অনুসৰি এই পৰিমাণৰ এণ্টিঅক্সিডেণ্ট শৰীৰৰ লগতে ছালৰ বাবে উত্তম৷ ছালৰ বাৰ্ধক্যৰ চাপ, বলিৰেখা, ছালৰ ক’লা দাগ আদি নিয়ন্ত্ৰণত গজালি ওলোৱা মগু খালে সুফল পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here