দৈনন্দিন এইধৰণৰ কামে সৰ্বনাশ কৰিব পাৰে মস্তিষ্কৰ

0
14

আধুনিক গৱেষণাত কোৱা হৈছে যে মানুহৰ বিভিন্ন কাম অথবা কিছুমান বস্তুৰ দৈনন্দিন ব্যৱহাৰে মস্তিষ্কৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে৷ সেই অভ্যাস তথা কাম-কাজবোৰ সঠিকভাৱে জানি মস্তিষ্কৰ স্বাস্থ্য ভালে ৰখা উচিত৷ দৈনন্দিন জীৱনৰ কিছুমান সৰু ভুলে গোটেই জীৱনলৈ আনিব পৰা মহাবিপদ৷ মানুহে অজানিতে এনে কিছুমান কাম কৰে, যিয়ে হাৰ্ট, কিডনী, লিভাৰ, মস্তিষ্কৰ কাৰণে ভীষণ ক্ষতিকাৰক৷ দৈনিক জীৱনৰ কিছুমান বস্তুৰ ব্যৱহাৰ কিছুমান অভ্যাসে মগজুৰ কাৰ্যকাৰিতা কমাই দিয়ে৷ পৰিসংখ্যা মতে কথা পাহৰি যোৱা, স্মৃতিশক্তি বিভ্ৰম, ডিমেনছিয়াৰ দৰে সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰতিবছৰে এই সমস্যা সংক্ৰান্তীয় প্ৰায় এক কোটি নতুন ৰিপ’ৰ্ট আহিছে৷ গৱেষণাই কোৱা মতে কিছুমান বস্তুৰ অত্যধিক ব্যৱহাৰে মস্তিষ্কৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাইছে৷ সেইেবাৰ জানিলে মস্তিষ্কৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰিব৷
ঘৰৰ সুগন্ধি বহুতৰে পচন্দ কৰে৷ সেয়ে ঘৰখন সুবাসিত হোৱাৰ বাবে বহুতেই এয়াৰ ফ্ৰেচনাৰ ব্যৱহাৰ কৰে৷ কিন্তু গৱেষণাত প্ৰকাশ পোৱা মতে এই এয়াৰ ফ্ৰেচনাৰে মস্তিষ্কৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলায়৷ আপাততঃ এয়াৰ ফ্ৰেচনাৰে এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰে যদিও এই এয়াৰ ফ্ৰেচনাৰত থাকে বাবে স্বাস্থ্যৰ বাবে নিৰাপদ নহয়৷ যেতিয়া এই শ্বাসনলীৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰে, তেতিয়া শ্বাসযন্ত্ৰৰ ওপৰত প্ৰভাৱ পেলায়৷ লগতে এই মস্তিষ্কৰ কাৰ্যকাৰিতাৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়৷
ঘৰৰ সুগন্ধিৰ বাবে গোন্ধযুক্ত মমবাতি জ্বলোৱা হয়৷ কিন্তু এই মমবাতিয়ে শৰীৰৰ ক্ষতি কৰে৷ স্বাস্থ্য বিশেষজ্ঞৰ মতে মমবাতি জ্বলালে টলুইন নিৰ্গত হয়, যিয়ে স্নায়ুতন্ত্ৰৰ ওপৰত প্ৰভাৱ পেলায়৷ ইয়াৰ ফলত মস্তিষ্কৰ বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ ইয়াৰ লগতে প্ৰদূষণৰো সৃষ্টি কৰে৷
এতিয়া ধোৱা-মেলাৰ সমস্যা আঁতৰাই ৰাখিবলৈ বহুতেই নন-ষ্টিক বাচন ব্যৱহাৰ কৰে৷ ঘৰৰ নন-ষ্টিক বাচনৰ ওপৰত পলিটেট্ৰাফ্লুৰোইথিলিন নামৰ এক উপাদানেৰে আৱৰি থাকে৷ ইয়াক কোৱা হয় টেফলন৷ টেফলন কাৰ্বন আৰু ফ্লৰিনৰ ৰাসায়নিক ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা এবিধ ছিন্থেটিক ৰাসায়নিক৷ এই ছিন্থেটিকে মগজুৰ স্বাস্থ্যৰ প্ৰভাৱ বিস্তাৰ কৰে৷ সেয়ে ইয়াৰ পৰিৱৰ্তে ইস্পাত, টাইটানিয়াম, ছেৰামিকৰ পাত্ৰ ব্যৱহাৰ কৰিলে শৰীৰৰ কাৰণে ভাল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here